NORTHEAST NOW (Assamese)
অসম

দেৱাশিষ গগৈ গণ হত্যা সন্দৰ্ভত গাভৰু চাহ বাগিচাৰ দুই পৰিচালকক আটক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 3, 2020 11:21 am

যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু চাহ বাগিচাৰ গণ হত্যা কাণ্ড সন্দৰ্ভত গাভৰু চাহ বাগিছাৰ মুখ্য পৰিচালক জয়দ্বীপ ক’ল আৰু সহ পৰিচালক বলবীৰ সিঙক ২ জুনৰ নিশা মৰিয়নী আৰক্ষীয়ে সোধ-পোছৰ বাবে থানালৈ লৈ আহে।

গাভৰু চাহ বাগিচাৰ বাংলোৰ পৰা দুয়োগৰাকীকে আটক কৰি মৰিয়নী আৰক্ষী থানা লৈ আহে আৰক্ষীয়ে।

দেৱাশিষ গগৈ হত্যাৰ সন্দৰ্ভত দুই পৰিচালকক মৰিয়নী থানাত মহকুমা আৰক্ষী বিষয়া অৰ্মীত হোজাইয়ে জেৰা অব্যাহত ৰাখিছে।

সম্প্ৰতি মৰিয়নী আৰক্ষী থানাত গাভৰু চাহ বাগিচাৰ গণ হত্যা কাণ্ডৰ সৈতে জড়িত থকা অভিযোগত মুঠ ১১ জন ব্যক্তিক আৰক্ষীয়ে জিম্মাত ৰাখি অনুসন্ধান অব্যাহত ৰাখিছে l

বিগত ২৯ মে’ত মৰিয়নিৰ গাভৰু বাগানত এচাম বৰ্বৰ লোকৰ গণ প্ৰহাৰত কৰুণ মৃক সাবতি ল’বলগীয়া হৈছিল নকছাৰীৰ যুৱক দেৱশীষ গগৈয়ে।

দেৱশীষৰ মৃত্যুত সমগ্র অসমতে শোকৰ ছাঁ পৰাৰ লগতে এই জঘন্য হত্যাকাণ্ডক সকলো স্তৰৰ লোকে একেমুখে ধিক্কাৰ দিছে।