NORTHEAST NOW (Assamese)
অসম

মোৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত দুজন গৰু চোৰ আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2020 11:10 am
মোৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত দুজন গৰু চোৰ আটক

মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত গণিপুৰত গাঁওৰক্ষী বাহিনীয়ে দুজন গভাইত গৰু চোৰক আটক কৰে।

গাঁওৰক্ষী বাহিনীয়ে চুৰি কৰি নিয়া গৰুৰ সৈতে গৰু চোৰ দুজনক আটক কৰি মোৰাঝাৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

আটক হোৱা গৰু চোৰ দুজন ছালেহ আহমেদ আৰু জুবেৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নিশা গৰু চোৰ দুজনে মোৰাঝাৰৰ এগৰাকী ব্যক্তিৰ গোহালিত প্ৰৱেশ কৰি গৰু চোৰ কৰিবলৈ চেষ্টা কৰাৰ ঘটনাৰ গাঁওৰক্ষী বাহিনীয়ে উমান পায়।

গাঁওৰক্ষী বাহিনীয়ে স্থানীয় লোকৰ সহযোগত গৰু চোৰ দুজনক বিচাৰি অভিযান চলায় দুয়োকো গৰুৰ সৈতে আটক কৰে।

আৰক্ষীৰ হাতত গটাই দিয়াৰ পূৰ্বে চোৰ দুজনক স্থানীয় ৰাইজে ভালদেৰে উত্তম মাধ্যম দিয়া বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত ঘোষণা কৰা ল’কডাউনৰ সময়তো একাংশই গোপনে গৰু চোৰৰ চক্ৰ চলায় অহাৰ অভিযোগ উত্থাপিত হৈছে।