NORTHEAST NOW (Assamese)
অসম

স্মাৰ্টফোন আৰু মোবাইল সামগ্ৰী নিৰ্মাণকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে ভাৰতৰ ৫০,০০০ কোটি টকাৰ পৰিকল্পনা মুকলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2020 10:43 am

ক’ৰ’না সংকটক সুযোগ হিচাপে গ্ৰহণ কৰাৰ বাবে উঠি-পৰি লাগিছে ভাৰত।

ভাৰত চৰকাৰে বিশ্বৰ স্মাৰ্ট ফোন আৰু মোবাইলৰ সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানসমূহক আকৰ্ষণ কৰাৰ বাবে ৫০,০০০ কোটি টকাৰ পৰিকল্পনা মুকলি কৰে।

এই পৰিকল্পনাৰ অংশস্বৰূপে প্ৰথম পৰ্যায়ত বিশ্বৰ পাঁচটা স্মাৰ্টফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ভাৰতত ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱা হ’ব।

এই ৫০,০০০ কোটি টকাৰ পৰিকল্পনাত মোবাইল ফোনৰ বিভিন্ন সামগ্ৰী নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহকো বিভিন্ন আৰ্থিক সহযোগিতা আগবঢ়োৱা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছতে চীনৰ পৰা বহু বিদেশী প্ৰতিষ্ঠানে নিজৰ উদ্যোগ সমূহ স্থানান্তৰ কৰিবলৈ সাজু হৈছে।

চীনক বিদায় জনাব বিচৰা প্ৰতিষ্ঠানসমূহক যাতে ভাৰতলৈ আকৰ্ষিত কৰিব পৰা যায় সেই উদ্দেশ্যে ভাৰত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

অসমত চৰকাৰৰ তৰফৰ পৰাও বিদেশী উদ্যোগ স্থাপনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পত্ৰ প্ৰেৰণ কৰিছে।