NORTHEAST NOW (Assamese)
Popular Stories

‘ৰৈ ৰৈ বিনালে’ক প্ৰথম দিনাই বিপুল সহাঁৰি ৰাইজৰ, ছবিগৃহত অনুৰাগীৰ ভিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2025 11:51 am
‘ৰৈ ৰৈ বিনালে’ক প্ৰথম দিনাই বিপুল সহাঁৰি ৰাইজৰ, ছবিগৃহত অনুৰাগীৰ ভিৰ

সকলো অপেক্ষাৰ অৱসান ঘটাই আজি শুভমুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। দেশৰ ছবি জগতৰ ইতিহাসত সম্ভৱতঃ বিৰল, য’ত পুৱতি নিশা এখন ছবিয়ে মুক্তি লাভ কৰিছে। গুৱাহাটী মহানগৰীৰ মেট্ৰিক্স ছবিগৃহত পুৱা ৪.২৫ বজাৰ পৰা আৰম্ভ হয় ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী। পুৱাৰ দৰ্শনীত দৰ্শকে ভিৰ কৰে।

আগন্তুক কেইবাটাও দিনৰ বাবে অসমৰ প্ৰায়ভাগ ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’ৰ টিকট সম্পূৰ্ণ বিক্ৰী হৈছে। ইয়ে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ মৰম আৰু অসমীয়া ছবি জগতৰ এক নতুন জয়যাত্ৰাৰ ইংগিত বহন কৰিছে।

তথ্য অনুসৰি, আজি দেশৰ ১৪৩ খন ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’ৰ ৬৬৪ টা দৰ্শনী হ’ব। অসমৰ ৫৩ খন চিত্ৰগৃহত দৈনিক ৪৩৩ টা দৰ্শনী অনুষ্ঠিত হ’ব। অসমৰ বাহিৰে ৯০ খন ছবিগৃহত দৈনিক ২৩৪ টা দৰ্শনী। ইয়াৰ লগতে গুৱাহাটীৰ ১৫ খন ছবিঘৰত দৈনিক ১৭৭ টা দৰ্শনী, তেজপুৰৰ ৫ খন চিত্ৰগৃহত দৈনিক ৫৩ টা দৰ্শনী, বঙাইগাঁৱৰ ২ খন ছবিঘৰত দৈনিক ৩০ টা দৰ্শনী, বাংগালুৰুৰ ১৬ খন ছবিঘৰত ৮০ টা দৰ্শনী আৰু দিল্লী NCRত ১০ খন চিত্ৰগৃহত ২৪ টা দৰ্শনী।

ইয়াৰ লগতে মুম্বাইত ১৮ টা, হায়দৰাবাদত ১৮ টা, ইটানগৰত ১২ টা, চেন্নাইত ১০ টা, পুণেত ১০ টা, কলকাতাত ১২ টা, কোচিত ৯ টা, নাহৰলগুণত ৭ টা, শ্বিলঙত ৬ টা, ডিমাপুৰত ৩ টা, আহমেদাবাদত ৩ টা, আগৰতলাত ২ টা, চণ্ডীগড়ত ২ টা, গোৱাত ২ টা, শিলিগুৰিত ৪ টা, ভূৱনেশ্বৰত ২ টা, ৰাঁচীত ২ টা, জয়পুৰত ২ টাৰ লগতে দাৰ্জিলিং, পাটনা, লক্ষ্ণৌ, ডেৰাডুন, গেংটকত এটাকৈ দৰ্শনী হ’ব।