NORTHEAST NOW (Assamese)
Popular Stories

হীৰেন গোহাঁইৰ লেখনিত বৌদ্ধিক সমল নাই , হীৰেন গোহাঁই এজন নৈৰাজ্যবাদী মানুহ  – হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2023 9:53 pm

অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, হিমন্ত বিশ্ব আৰু বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য, আছুৰ বিজেপি তুষ্টিকৰণ আৰু হীৰেন গোহাঁই সম্পৰ্কীয় বিতৰ্কই ৰাজ্যখন উত্তাল কৰি ৰখাৰ সময়তে সোমবাৰে গধুলি নিজৰ পত্নীৰ চেটেলাইট চেনেল ‘নিউজ লাইভ’ত বহি বিশিষ্ট লেখক, চিন্তানায়ক ড০ হীৰেন গোহাঁইৰ সম্পৰ্কে দাম্ভিকভাবে অপমানজনক মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পত্নীৰ চেনেলত সাংবাদিক জাৰিৰ হুছেইনৰ লগত হোৱা সাক্ষাৎকাৰত হীৰেন গোহাঁইৰ লেখনিত বৌদ্ধিক সমল নাই , হীৰেন গোহাঁই এজন নৈৰাজ্যবাদী মানুহ , হীৰেন গোহাঁইয়ে অসমৰ হৈ চিন্তা কৰি পোৱা নাই, হীৰেন গোহাঁইৰ কথা অসমৰ মানুহে শুনিবই নালাগে আদি বিভিন্ন ধৰণৰ কথা কৈ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰে হিমন্ত বিশ্ব শৰ্মাই।

কেৱল হীৰেন গোহাঁইকে নহয়, অজিৎ ভূঞা, কংগ্ৰেছ আৰু বিভিন্ন জাতীয় দল-সংগঠন সম্পৰ্কেও বিৰূপ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে, অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কংগ্ৰেছেই কৰি গৈছে বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই উক্ত সাক্ষাৎকাৰটোৰ জৰিয়তে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। 

এই দৰেই ড০ হীৰেন গোহাঁইৰ লেখনিত কোনো বৌদ্ধিক ভিত্তি নাই বুলি নিজৰ চৰম স্পৰ্ধা আৰু অংহকাৰ প্ৰদৰ্শন কৰি ধন আৰু ক্ষমতাৰ বাবে এজন মানুহ কিমান তললৈ যাব পাৰে তাৰেই দৃষ্টান্ত দাঙি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শেহতীয়া ‘হীৰেন গোহাঁই কোন’ বুলি মন্তব্য প্ৰদান কৰি সামাজিক মাধ্যমত চৰম সমালোচনাৰ সন্মুখীন হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী পীযুয হাজৰিকা।