NORTHEAST NOW (Assamese)
অসম

মুছলমানৰ চাৰি বিবাহ বৈধ? পৰীক্ষা কৰিবলৈ পাঁচ জনীয়া বিচাৰপীঠ গঠনৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 24, 2022 8:33 pm

উচ্চতম ন্যায়ালয়ে মুছলমান পুৰুষসকলৰ মাজত বহুবিবাহ আৰু নিকাহ হালালা প্ৰথাৰ সাংবিধানিক বৈধতা পুনৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে শীৰ্ষ ন্যায়ালয়খনে কয় যে ই এই উদ্দেশ্যৰ বাবে পাঁচ জনীয়া সংবিধান বিচাৰপীঠ গঠন কৰিব।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ হিমা কোহলী আৰু জে বি পাৰ্ডিৱালাৰ বিচাৰপীঠে এক ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ প্ৰতিক্ৰিয়াস্বৰূপে এই সিদ্ধান্ত ঘোষণা কৰে।

লগতে পঢ়ক: কেমেৰুনক ১-০ গ’লত পৰাস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে চুইজাৰলেণ্ডে

২০১৭ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়ত তিনি তালাক  প্ৰথাক “অসাংবিধানিক আৰু অবৈধ” বুলি ঘোষণা কৰিছিল। ২০১৮ চনত শীৰ্ষ ন্যায়ালয়ে এখন আবেদনৰ উত্তৰত বহুবিবাহৰ সাংবিধানিক বৈধতা আৰু নিকাহ হালালা প্ৰথা পৰীক্ষা কৰিবলৈ সন্মত হৈছিল। আৱেদনখনে এজন মুছলমান পুৰুষৰ একে সময়তে চাৰিগৰাকী পত্নী থকাৰ অধিকাৰৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল।

একে সময়তে আবেদনখনত দাবী কৰা হৈছিল যে ‘নিকাহ হালালা’ প্ৰথাও ‘অসাংবিধানিক’। এই প্ৰথা অনুসৰি, যদি এগৰাকী মুছলমান মহিলাই এনে এজন পুৰুষক বিয়া কৰাব বিচাৰে যাৰ সৈতে তেওঁৰ এবাৰ বিবাহ বিচ্ছেদ হৈছে, তেনেহ’লে তেওঁ প্ৰথমে আন এজন পুৰুষক বিয়া কৰাব লাগিব আৰু তেওঁৰ পৰা বিবাহ বিচ্ছেদ কৰিব লাগিব।

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে বহুবিবাহ আৰু নিকাহ হালালাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ শুনানিৰ বাবে পাঁচ জনীয়া বিচাৰপীঠ গঠন কৰে। কিন্তু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু ন্যায়াধীশ হেমন্ত গুপ্তাই বিচাৰপীঠৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে কাম আৰম্ভ কৰিব পৰা নগ’ল।

লগতে পঢ়ক: জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! চীনত এদিনতে কোভিডত আক্ৰান্ত ৩১ হাজাৰ; বেছিভাগেই উপসৰ্গহীন

এনে পৰিস্থিতিত অধিবক্তা অশ্বিনী উপাধ্যায়ে বিচাৰপীঠখন পুনৰ গঠন কৰিবলৈ শীৰ্ষ আদালতত ৰাজহুৱা স্বাৰ্থৰ গোচৰ ৰুজু কৰিছিল। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে আবেদনখনৰ সঁহাৰি দিছে।