NORTHEAST NOW (Assamese)
দেশ

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ: উৰিষ্যাত দুই মহিলা মাওবাদী সদস্য নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2022 8:00 pm
Maoists killed

উৰিষ্যাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে দুগৰাকী মহিলা মাওবাদী সদস্যই। ৰাজ্যখনৰ বোলাংগীৰ জিলাৰ গান্ধমৰ্দন পাহাৰ অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হয়।

উৰিষ্যাৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকৰ আগত দিয়া ভাষ্য মতে বোলাংগীৰ আৰু বৰগড় অঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বুধবাৰে মাজনিশা অভিযান আৰম্ভ কৰা হৈছিল।

বৃহস্পতিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত ৫ গৰাকী মাওবাদী সদস্যৰ উপস্থিতি প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰে।

প্ৰায় ডেৰ ঘণ্টা ধৰি দুয়োপক্ষৰ চলি থকা গগুলীবৰ্ষণৰ পাছত নিৰাপত্তাৰক্ষীৰ গুলীত মাওবাদী সদস্য দুগৰাকীৰ মৃত্যু হয়।

এই সংঘৰ্ষৰ পিছত অঞ্চলটোত তালাচী চলোৱাৰ সময়ত মাওবাদী ইউনিফৰ্ম পৰিহিত দুগৰাকী মহিলাৰ মৃতদেহ আৰু দুটা ৰাইফল উদ্ধাৰ হোৱা বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে।

মৃত দুয়োগৰাকী মাওবাদী সদস্যকে ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তৈওঁ লগতে কয়। আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য মতে দুই মৃত মহিলা সদস্য ছত্তীশগড়ৰ বাসিন্দা, আৰু বোলাংগীৰ-বৰগড়-মহাছামুদ (BBM) মাওবাদী সংমণ্ডলৰ অন্তৰ্গত।

দুয়োগৰাকী সদস্যৰ শিৰত ৪ লাখ টকাকৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছিল বুলিও তেওঁ লগতে কয়। আনহাতে অঞ্চলটোত থকা আন তিনিগৰাকী মাওবাদী সদস্য সংঘৰ্ষস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি তেওঁ সদৰী কৰিছে।