NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত ১৬০০ অতিক্ৰম কৰিলে ক’ৰ’না ৰোগীৰ সংখ্যাই; আজি একেলগে আক্ৰান্ত ৬০ গৰাকী লোক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 3, 2020 11:24 am

ৰাজ্যত ১৬২১ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৬০ গৰাকী লোকৰ দেহত পোৱা গৈছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৩৮ গৰাকী ধুবুৰীৰ, ১৮ গৰাকী গোলাঘাটৰ আৰু চাৰিগৰাকী নগাঁও জিলাৰ।

বৰ্তমান ১২৭৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু ৩৩৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰৰ দিনটোত ৭৬ গৰাকী লোকৰ দেহত পোৱা গৈছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

সোমবাৰৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৫৪০ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ক’ভিড-১৯ত।