NORTHEAST NOW (Assamese)
ভূটান

অতীজৰ পৰা ভূটানৰ সৈতে ভাৰতৰ এক সু-সম্পৰ্ক আছে: সুষমা স্বৰাজ

Posted by: এন ই নাও নিউজ February 24, 2018 1:54 pm
Indo-Bhutan-

অতীজৰে পৰা ভাৰত আৰু ভূটানৰ মাজত পাৰস্পৰিক সহায় সহযোগিতা আৰু বিশ্বাসৰ মাজেৰে এক শক্তিশালী বন্ধুত্ব চলি আহিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে।

৩৮ সংখ্যক ভূটানৰ ৰজাৰ জন্মদিন উপলক্ষে নতুন দিল্লীস্থিত ভূটানৰ দূতাবাসত আয়োজিত অনুষ্ঠানত উপস্থিত থকাৰ সময়ত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উক্ত অনুষ্ঠানত ভূটান সম্প্ৰদায়ৰ লোকসকলৰ লগতে ভূটানৰ বিদেশ মন্ত্ৰী ডামছো দৰ্জীও উপস্থিত আছিল।

অনুষ্ঠানৰ সময়ত সুষমা স্বৰাজে ভূটানৰ ৰজা আৰু ভাৰতৰ নেতাসকলে দুয়োখন ৰাষ্ট্ৰৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি উঠাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছিল তাক স্মৰণ কৰাৰ লগতে গভীৰ কৃতক্ষতা জ্ঞাপন কৰে।

‘ভূটান আমাৰ বাবে বিশেষ ৰাষ্ট্ৰ। তেওঁলোকৰ দক্ষ নেতাসকলৰ বাবে ৰাষ্ট্ৰখনৰ সৈতে যোৱা পাঁচটা দশকত বহুটো উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে। ভৱিষ্যতেও এনেদৰে শান্তি তথা সৌহাৰ্দপূৰ্ণভাবে দুয়োখন দেশৰ মাজত উন্নয়নমূলক কাম কাজেৰে বন্ধুত্ব আগবঢ়াই লৈ যাম’ সুষমা স্বৰাজে এনেদৰে মন্তব্য কৰে।

তেওঁ লগতে কয় যে ‘২০১৮ বৰ্ষটো ভাৰতবৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো দুয়োখন দেশৰ মাজত বন্ধুত্বই ৫০ বছৰ অতিক্ৰম কৰিলে। ইয়াক লৈ আজি আমি গৌৰৱাণ্বিত’।

আনহাতে উক্ত অনুষ্ঠানত ভূটানৰ বৈদেশীক মন্ত্ৰীয়েও ভাৰতৰ সৈতে গঢ়া সম্পৰ্কক উল্লেখনীয় বুলি মত পোষণ কৰে।

তেওঁ কয়, ‘যোৱা পাঁচটা দশকত ভাৰত চৰকাৰৰ সহায়ৰ বাবে ভূটানে যথেষ্ট তীব্ৰ গতিত উন্নয়ন সাধন কৰিছে। জলবিদুৎ প্ৰকল্প, সামাজিক-অৰ্থনৈতিক উন্নয়নত দেশখনে গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছে। আমি ভাৰত-ভূটান সম্পৰ্কক উচ্চ গুৰুত্ব প্ৰদান কৰো’।

উল্লেখনীয় যে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি ভাৰতত অধ্যয়ন কৰি থকা ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফলো ঘোষণা কৰা হয়।