NORTHEAST NOW (Assamese)
অসম

ক্ষোভৰ মাজতো আশাবাদী হ’বলৈ আমেৰিকাৰ প্ৰতিবাদকাৰী সকলক আহ্বান প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 8:05 pm

আমেৰিকা যুক্তৰাষ্ট্ৰত আৰক্ষীয়ে এগৰাকী কৃষ্ণাংগ লোকক বৰ্বৰভাৱে হত্যা কৰাকলৈ সমগ্ৰ আমেৰিকাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

জৰ্জ ফ্লয়দ নামৰ কৃষ্ণাংগ লোক গৰাকীক আৰক্ষীয়ে বৰ্বৰভাৱে হত্যা কৰিছিল।

জৰ্জ ফ্লয়দৰ মৃত্যুৰ পাছতে সৃষ্টিহোৱা প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে আমেৰিকাৰ ৰাজপথত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰি দোকান-পোহাৰত অগ্নি সংযোগ কৰিছিল।

এইবাৰ আমেৰিকাৰ প্ৰতিবাদকাৰী সকলক বিশেষ অনুৰোধ কৰিছে আমেৰিকাৰ প্ৰাক্তন নবেল বঁটা বিজয়ী ৰাষ্ট্ৰপতি বৰাক ওবামাই।

‘‘তোমালোকে খঙত অগ্নিশৰ্মা হ’লেও আশাবাদী হ’বা,’’ ওবামাই কয়।

প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাই প্ৰতিবাদকাৰী সকলক প্ৰকৃত পৰিৱৰ্তন অনাৰ বাবে স্থানীয় নিৰ্বাচনত ভোটদান কৰাৰ বাবে অনুৰোধ কৰে।

আমেৰিকাত জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাছতে আফ্ৰিকান-আমেৰিকান মূলৰ লোক সকলে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

জৰ্জ ফ্লয়েদৰ মৃত্যুৰ পাছতে লেডী গাগাকে আদি কৰি বহু জনপ্ৰিয় সংগীত শিল্পী, হলিউদৰ অভিনেতা-অভিনেত্ৰী সকলে উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।