NORTHEAST NOW (Assamese)
অসম

কি মহৎ উদ্দেশ্যত পুনৰ নগ্ন হ’বলৈ আগবাঢ়িল অভিনেত্ৰী জেনিফাৰ আনিষ্টন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 7:54 pm
architecturaldigest_jennifer-aniston-has-12-design-ideas-you-should-steal

আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বে মোহময়ী অভিনেত্ৰী গৰাকীৰ শৰীৰী ভংগীমাই ছচিয়েল মিডিয়াত উত্তাপ বৃদ্ধি কৰিছিল।

সেইবাৰ অভিনেত্ৰী জেনিফাৰ আনিষ্টনে মাথোঁ শৰীৰৰ অতুলনীয় ৰূপ দাঙি ধৰাৰ বাবেই কেমেৰাৰ সন্মুখত নগ্ন হৈ ধৰা দিছিল।

হলিউদৰ অবিনেত্ৰী, পৰিচালক তথা প্ৰযোজক জেনিফাৰ এইবাৰ এক মহৎ উদ্দেশ্যেৰে নগ্ন হ’ল।

কোভিড-১৯ৰ পুঁজি সংগ্ৰহৰ নিমিত্তে পঞ্চাশোৰ্ধৰ অভিনেত্ৰীগৰাকীয়ে এইবাৰ নিজৰ নগ্ন ছবি নীলামৰ বাবে আগবঢ়াইছে।

কিছুদিনৰ ভিতৰতে অভিনেত্ৰীগৰাকীৰ নগ্ন ছবি এটা সংস্থাৰ জৰিয়তে নীলাম হ’ব।

নীলামত লাভ কৰা ধনৰাশি সংস্থাটোৱে বিনামূলীয়া কোভিড-১৯ৰ পৰীক্ষাৰ বাবে ব্যয় কৰিব।

ইনষ্টাগ্ৰাম যোগে জেনিফাৰে এই কথা জানিবলৈ দিয়ে।

এইক্ষেত্ৰত জেনিফাৰ আনিষ্টন অকলে নহয়, এই একেই উদ্দেশ্যত যোগ দিছে লিওনাৰ্ডো ডিকাপ্ৰিঅ’ আৰু বিলি এলিচৰ দৰে চেলিব্ৰেটিয়েও। নীলামৰ বাবে তেওঁলোকেও ছবি দিছে।

দুবছৰ পূৰ্বে নেটফ্লিক্সৰ ছবি এখনৰ শ্বুটিঙৰ মাজত জিৰণিৰ সময়ত ধৰা পৰা জেনিফাৰৰ এখন নগ্ন ছবিয়ে তোলপাৰ লগাইছিল।

জেনিফাৰে জানিবলৈ দিয়া মতে এতিয়া নীলামৰ বাবে দিয়া নগ্ন ছবিখন প্ৰায় ২৫বছৰ আগৰ।

১৯৯৫চনত ফটোগ্ৰাফাৰ মাৰ্ক ছেলিগাৰ কেমেৰাৰ লেন্সত ধৰা দিছিল জেনিফাৰৰ এই নগ্ন সৌন্দৰ্য।