NORTHEAST NOW (Assamese)
অসম

অসমীয়াক ধমকি দিয়া এপেক্স বেংকৰ বিষয়াক জৱাবদিহি কৰিলে লাচিত সেনাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 4, 2020 8:53 pm

পাণবজাৰৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালক শশাংক শেখৰ শাস্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অসমীয়াক জাতিক সাঙুৰি অপমানসূচক মন্তব্য কৰাৰ অভিযোগ।

বেংকটোত কৰ্মৰত বিষয়া-কৰ্মচাৰীক অসমীয়া মানুহ বদমাছ বুলি গালি-শপনি পৰা বুলি শাস্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল।

সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতে আজি বীৰ লাচিত সেনা অসমৰ সদস্য সচিব শৃংখল চলিহাৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে ঘেৰাও কৰি জবাবদিহি কৰে বেংকটোৰ পৰিচালন সঞ্চালকগৰাকীক।

প্ৰায় ৪৫ মিনিট জুৰি তেওঁক জবাবদিহি কৰাৰ পাছত ক্ষমা খুজিবলৈ বাধ্য হয় শাস্ত্ৰী।

অৱশ্যে প্ৰথম অৱস্থাত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ মিছা বুলি কৈছিল যদিও পাছত ক্ষমা খুজিবলৈ বাধ্য হয়।

“জানি-বুজি বা অজানিতে মুখৰ পৰা কিবা আপত্তিজনক শব্দ ওলাল। তাৰ বাবে মই ক্ষমা বিচাৰিছো, ছ’ৰি।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় শাস্ত্ৰীয়ে।

পৰিচালন সঞ্চালকক জবাবদিহি কৰাৰ পাছত অসমীয়া বিষয়া-কৰ্মচাৰীক দম দিয়াটো সহ্য কৰা নহ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ।

“বীৰ লাচিত সেনা অসম থকালৈকে অসমীয়া সত্তাক অপমান কৰি কথা কোৱাটো কেতিয়াও মানি লোৱা নহ’ব। বীৰ লাচিত সেনাৰ প্ৰত্যেক সেনা জাতিৰ কাৰণে চুড়ান্ত ত্যাগ কৰিবলৈ প্ৰস্তুত।তেওঁ মাফ খুজিছে, মাফ নোখোজা হেঁতেন এপেক্স বেংক বন্ধ কৰি দিয়া হ’লহেঁতেন” শৃংখলে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

উল্লেখযোগ্য যে, কালি এক পত্ৰৰ যোগে এপেক্স বেংক বিষয়া কৰ্মচাৰী সন্থাই ৪৮ ঘন্টাৰ ভিতৰত লিখিত ক্ষমা খুজিবলৈ পৰিচালন সঞ্চালকগৰাকীক দাবী জনাইছিল।