NORTHEAST NOW (Assamese)
অসম

ছেপ্টেম্বৰৰ ভিতৰতে প্ৰধান মন্ত্ৰী মোদীৰ বাবে আহিব নতুন প্ৰযুক্তিৰে সজ্জিত দুখন বিমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2020 6:34 am
Aircraft1-1

এয়াৰ ইণ্ডিয়া ৱান ফ্লীটত অহা ছেপ্টেম্বৰৰ ভিতৰতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা দুখন বোয়িং ৭৭৭ এয়াৰক্ৰাফ্ট আহিব।

আগষ্ট মাহৰ শেষলৈ প্ৰথমখন হেড-অফ-ষ্টেট বোয়িং বিমানখন আমেৰিকাৰ পৰা ভাৰত আহি পাবহি। সেইদৰে দ্বিতীয়খন বিমান আহি পাব ছেপ্টেম্বৰৰ শেষত।

এই বিমান ছেল্ফ প্ৰটেকশ্যন ছ্যুট, এডভান্সড ইন্টিগ্ৰেডেড ডিফেন্সিভ ইলেকট্ৰনিক ৱাৰফেয়াৰ চ্যুট তথা কাউন্টাৰ মেচাৰ ডিছপেন্সিং চিষ্টেমকে ধৰি মিছাইল আক্ৰমণৰ পৰা ৰক্ষা পৰিব পৰা আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিৰ্মাণ কৰা এয়াৰ ইণ্ডিয়া ৱান ফ্লীটৰ এই বিমানত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা এয়াৰ ফ’ৰ্চ ৱান-এৰ সকলো প্ৰযুক্তি থাকিব।

বাতৰি অনুসৰি, এয়াৰ ইণ্ডিয়াৰ দুখন নতুন বোয়িং ৭৭৭-৩০০ ই আৰ এয়াৰক্ৰাফ্ট আমেৰিকাৰ ডালাছলৈ প্ৰেৰণ কৰা হৈছে।

তাত বিমান দুখনৰ চেহেৰা সলনি কৰি ভিভিআইপিৰ যাত্ৰাৰ বাবে তৈয়াৰ কৰি তোলা হ’ব।

বিমানখনত লগাবলগীয়া মিছাইল ডিফেন্স চিষ্টেমৰ খৰচ পৰিব ১৯০ মিলিয়ন মাৰ্কিন ডলাৰ।

তদুপৰি, এই নতুন বিমানত অফিচৰ বাবে সুকীয়া কক্ষৰ লগতে থাকিব সুকীয়া সভাকক্ষ, বহুমুখী যোগাযোগ ব্যৱস্থা তথা মেডিকেল ইমাৰ্জেন্সিৰ মোকাবিলা কৰিবলগীয়া সকলোধৰণৰ প্ৰাথমিক ব্যৱস্থা।