NORTHEAST NOW (Assamese)
অসম

সাৱধান! মুহূৰ্তত ৰাজ্যত বাঢ়িছে ক’ৰ’ণা ৰোগীৰ সংখ্যা; ২১০০ অতিক্ৰম

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 4, 2020 11:45 pm
COVID-19 positive cases reach 2115 in Assam

ৰাজ্যত প্ৰতি মুহূৰ্তত বাঢ়ি আছে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৪২ গৰাকী ৰোগীৰ দেহত ধৰা পৰিছে  মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ৩৮ গৰাকী ধুবুৰী আৰু চাৰিগৰাকী দৰঙৰ।

বৰ্তমান ১৬৪৯ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪৫৯ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

অসমত মুঠ ক’ভিড আক্ৰান্ত হৈছে ২১১৫ (।) আজিৰ দিনটোতে ২৮৫গৰাকী নতুন আক্ৰান্ত চিনাক্ত হৈছে।

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্বৰ এই টুইটৰ প্ৰায় ৩০ মিনিট আগত ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰা বুলি টুইট কৰিছিল ।

আক্ৰান্তসকলৰ ২১ গৰাকী বৰপেটা, তিনিচুকীয়াৰ ২১ গৰাকী, ১৪ গৰাকী ডিমা হাছাও, ৮ গৰাকী ওদালগুৰি, কামৰূপ(মেট্ৰ)ৰ ৫ গৰাকী, ৪ গৰাকী লখিমপুৰ, কামৰূপ গ্রাম্যৰ ৩ গৰাকী, বাক্সাৰ এগৰাকী।

তাৰ ঠিক কিছু সময় পূৰ্বে ১১১ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৪৬ গৰাকী হোজাই, ওডালগুৰিৰ ২৮ গৰাকী, কামৰূপ ১০ গৰাকী, ৫ গৰাকী মৰিগাঁও, তিনিগৰাকী নলবাৰী, তিনিগৰাকী গোৱালপাৰা, গোলাঘাটৰ দুগৰাকী, যোৰহাটৰ ২ গৰাকী আৰু ধুবুৰীৰ এগৰাকী।

দিনৰ ভাগত ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্তসকলৰ ৩৩ গৰাকী, ছয়গৰাকী ধেমাজি, চাৰিগৰাকী বঙাইগাঁও, তিনিগৰাকী বৰপেটা আৰু বাক্সাৰ এগৰাকী আছিল।

আজিৰ দিনটোত  ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’ণাত।

কালিৰ দিনটোত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২০৩৪ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।