NORTHEAST NOW (Assamese)
অসম

অপ্ৰতিৰোধ্য ক’ৰ’ণাৰ মাজতে ৰাজ্যত ক’ৰ’ণা মুক্ত মুঠ ৪৯৮ গৰাকী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 5, 2020 5:37 pm
COVID19: 2772 persons discharged in Assam on Thursday

৩৯গৰাকী ব্যক্তিক ক’ভিড-১৯ নিগেটিভ পোৱাৰ পিছত অসমত শুকুৰবাৰে তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

এইসকলকো ধৰি অসমত এতিয়ালৈকে ৪৯৮গৰাকী লোক ক’ভিড-১৯মুক্ত হৈছে।

শেহতীয়াকৈ মুকলি কৰাসকলৰ মাজত আছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালৰ পৰা ১৩, তেজপুৰ মেডিকেল কলেজৰ ১১, যোৰহাট মেডিকেল কলেজৰ পাঁচ, অসম মেডিকেল কলেজৰ তিনি আৰু শিলচৰ মেডিকেল কলেজৰ এগৰাকী ব্যক্তি।

মুক্তি দিয়া সকলক দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ১৬৪৮ গৰাকী লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে।

কালিৰ দিনটোত মুঠ ৪৬ গৰাকী লোকক মুক্তি দিয়া হৈছিল।

যোৱা ১ জুনত মুঠ ৯৯ গৰাকী লোকক মুক্তি দিয়া হৈছিল ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা।

যোৱা ৩১ মে’ ৰ দিনা ২২ গৰাকী ৰোগী ক’ৰ’ণামুক্ত হৈ ঘৰলৈ উভটিছিল।

যোৱা ৩০ মে ত  ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে’ত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল।  তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল।