NORTHEAST NOW (Assamese)
অসম

সেনা-আৰক্ষীৰ অভিযানত ৰঙিয়াত অস্ত্ৰসহ দুই মাল্টা লিংকমেন আটক

Posted by: দিপক কুমাৰ পাঠক February 24, 2018 8:46 pm
Arrested MULTA Linkmen

সেনা বাহিনীৰ চোৰাংচোৱা বিভাগৰ পৰা পোৱা বিশেষ ভিত্তিত সেনা বাহিনী আৰু ৰঙিয়া আৰক্ষীয়ে শুক্ৰবাৰে নিশা এক যুটীয়া অভিযান চলাই ৰঙিয়াত উগ্ৰপন্থী সংগঠন মাল্টাৰ দুজন সন্দেহযুক্ত লিংকমেনক আটক কৰে।

ধৃত লোককেইজনক আৰক্ষীয়ে কামৰূপ গ্ৰাম্য জিলাৰ নগৰ বেৰা আৰক্ষী থানাৰ অন্তৰ্গত ২নং উত্তৰ ৰঙাপানি গাঁৱৰ বাসিন্দা ইব্ৰাহিম আলী(৪৩) আৰু ধুবুৰি জিলাৰ ফেকামাৰি আৰক্ষী থানাৰ অন্তৰ্গত পাগ্লাটোলা গাঁৱৰ বাসিন্দা জাকিৰ হুছেইন(৩৪) বুলি চিনাক্ত কৰিছে।

আটকাধীন লোককেইজন মাল্টাৰ সক্ৰিয় কৰ্মী আৰু গোটটোৰ হৈ তেওঁলোকে লিংকমেনৰ কাম কৰি আহিছে বুলি আৰক্ষী জনায়।

আৰক্ষীৰ মতে তেওঁলোক ধন দাবী, ঘাইপথত ডকাইতি, লুট-পাত, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ লগতে বিভিন্ন আপত্তিজনক কাৰ্যৰ সৈতে জড়িত।

ব্যক্তি দুজনৰ পৰা এটা দেশত নিৰ্মিত পিস্তল আৰু চাৰিটা আৰ ডি এছ উদ্ধাৰ কৰা হয়। পিছত তেওঁলোকক ৰঙিয়া আৰক্ষী চকীত গতাই দিয়া হয়।

স্থানীয় লোকে সন্দেহযুক্ত মাল্টা উগ্ৰপন্থী দুজনক আটক কৰাৰ বাবে আৰক্ষীক প্ৰশংসা কৰাৰ লগতে উক্ত গ্ৰেপ্তাৰে অঞ্চলটোত এনেধৰণৰ আপত্তিজনক কাৰ্য ৰোধ কৰিব বুলি আশা প্ৰকাশ কৰে।