NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ ক’ৰ’না মুক্ত ২১ গৰাকী; দিনটোত আৰোগ্য হ’ল ৪৮ গৰাকী ব্যক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 10:35 pm

ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ মাজতে পুনৰ সুখবৰ দিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত পুনৰ ২১ গৰাকী লোকক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হৈছে।

ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈ ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা ৬৩৬ গৰাকীলৈ বৃদ্ধি পালে।

কিছুসময় পূৰ্বে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া ২১ গৰাকী লোকৰ ভিতৰত ১২ গৰাকী নগাঁও জিলা চিকিৎসালয়ৰ, ৪ গৰাকী মৰিগাঁও জিলা চিকিৎসালয়ৰ, দুগৰাকী ওদালগুৰি জিলা চিকিৎসালয়ৰ, দুগৰাকী শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ আৰু এগৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ আৰু ফেইচবুক যোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বেও আজিৰ দিনটোত ২৭ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ৪৮ গৰাকী লোকক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰি মুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে, অসমত বৰ্তমান মুঠ ২৫৬৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪ গৰাকী লোকৰ মৃত্যু হৈছে।