NORTHEAST NOW (Assamese)
Popular Stories

‘সীমান্তত কি হৈছে সকলোৱে জানে’ : লাডাখৰ ইঙ্গিত দি অমিত শ্বাহক ৰাহুল গান্ধীৰ কটাক্ষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 6:10 pm
index.jpg11

জন্মু আৰু কাশ্মীৰৰ লাডাখৰ ভাৰত-চীন সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিৰোধী নেতাগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, দেওবাৰে বিহাৰৰ ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰি অমিত শ্বাহে দাবী কৰিছিল যে আমেৰিকা আৰু ইজৰাইলৰ পিছত ভাৰতেই তৃতীয়খন দেশ যাৰ সীমান্ত সবাটোতকৈ সুৰক্ষিত।

গৃহমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে ৰাহুল গান্ধীয়ে লাডাখৰ ভাৰত-চীন সীমান্তত সেনা মোতায়েনৰ প্ৰসঙ্গটো উত্থাপন কৰি টুইটত কটাক্ষ কৰি কয় যে, ‘সীমান্তত বাস্তৱ পৰিস্থিত কি সেয়া সকলোৱে জানে।’

দেওবাৰে বিহাৰৰ ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে ভাৰতৰ প্ৰতিৰক্ষা নীতিক বিশ্বই স্বীকৃতি দিছে।

আনকি বিশ্ববাসীয়ে আমেৰিকা আৰু ইজৰাইলৰ পিছতে ভাৰতৰ সীমান্তই আটাইতকৈ সুৰক্ষিত বুলিও অমিত শ্বাহে মন্তব্য কৰিছিল।

ইয়াৰ পিছতে ৰাহুল গান্ধী সৰৱ হৈছে।

নিজৰ টুইটাৰত উৰ্দু কবি মীৰ্জা গালিবৰ পংক্তি উল্লেখেৰ গৃহমন্ত্ৰী অমিত শ্বাহক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে লিখিছে, ‘হয়তো মনক সুখী কৰাৰ এই প্ৰচেষ্টাই ভাল।’