NORTHEAST NOW (Assamese)
Popular Stories

উদ্বেগজনক! ৪৪খন দেশত পোৱা গৈছে কৰোণা ভাইৰাচৰ ভাৰতীয় প্ৰজাতিৰ সংক্ৰমণ : বিশ্ব স্বাস্থ্য সংস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2021 3:47 pm

ভাৰতৰ ক’ভিড-১৯ দ্বিতীয় ঢৌত যিটো ভাইৰাচবিধৰ যিটো প্ৰজাতিয়ে সংক্ৰামক ৰূপ লৈছে, সেই প্ৰজাতি বিশ্বৰ আন ৪৪খনকৈ দেশত পোৱা গৈছে।

এই তথ্য প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

উল্লেখযোগ্য যে যোৱা বছৰ অক্টোবৰতে ভাৰতত প্ৰথম পোৱা গৈছিল বি.১.৬১৭ প্ৰজাতিৰ এই ভাইৰাচ।

বিশ্ব স্বাস্থ্য সংস্থাই চলিত সপ্তাহত এই প্ৰজাতিবিধক ‘উদ্বেগজনক’ আখ্যা দিছিল।

ভাৰতৰ পাছতে এই ভাইৰাচৰ প্ৰভাৱ সকলোতকৈ বেছি দেখা গৈছে ব্ৰিটেইনত।

অন্যান্য প্ৰজাতিৰ তুলনাত কৰোণাৰ এই প্ৰজাতিয়ে অনেক দ্ৰুত সংক্ৰমণ বিয়পাইছে বুলিও সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই।

সংস্থাৰ পৰা এটা বিবৃত্তিত কোৱা হৈছে যে ভাইৰাচৰ এই প্ৰজাতিটোৱে দ্ৰুতভাৱে সংক্ৰমণ বিয়পাবলৈ সক্ষম।

আনকি কৰোণাৰ ভেকচিনৰ মাধ্যমেৰে যি এণ্টিবডী তৈয়াৰ হয়, সেই এণ্টিবডীও অনেক সময় এই ভাইৰাচক ৰোধ কৰিবলৈ ব্যৰ্থ হয়।

সংস্থাই কয় যে এই প্ৰজাতিটোৰ দ্ৰুত সংক্ৰমণৰ ফলস্বৰূপেই ভেকচিন লোৱাৰ পাছতো অনেক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

এই ক্ষেত্ৰতত এই প্ৰজাতিৰ ভাইৰাচবিধৰ সংক্ৰমণ কমোৱাটোৱে সঠিক পদক্ষেপ বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।

ইয়াৰ বাবে প্ৰতিখন দেশকে পৰ্যাপ্ত ব্যৱস্থা ল’বলৈও সতৰ্ক কৰি দিছে সংস্থাই।

এতিয়াই সতৰ্ক নহ’লে এই প্ৰজাতিটোক নিয়ন্ত্ৰণলৈ অনা কঠিন হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলে।