NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত ২৯০০ৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : একেলগে আক্রান্ত ৩৩ গৰাকী লোক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 9, 2020 2:04 pm
EaDmceaUMAAXnEe

ৰাজ্যত ২৮৬৮ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ১৭ গৰাকী তিনিচুকীয়া, চাৰিগৰাকী যোৰহাট, তিনি গৰাকী বৰপেটা, দুগৰাকী চিৰাং, কাৰ্বিআংলংৰ দুগৰাকী, নগাঁৱৰ দুগৰাকী, এগৰাকী বাক্সা, এগৰাকী গোলাঘাট আৰু এগৰাকী মাজুলীৰ।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ঘোষণা কৰিছে এই কথা।

বৰ্তমান ২০৭৬ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

তাৰ বিপৰীতে ৭৮৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ পাঁচগৰাকী লোক মৃত্যু মুখত পৰিছে৷