NORTHEAST NOW (Assamese)
অসম

বুৰুন্দিৰ ৰাষ্ট্ৰপতি পেৰি নকুৰুনজিজাৰ হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 9:58 pm

বুৰুন্দি চৰকাৰে মঙলবাৰে দেশখনৰ ৰাষ্ট্ৰপতি পেৰি নকুৰুনজিজা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা বুলি ঘোষণা কৰে।

হৃদৰোগত আক্ৰান্ত পেৰি নকুৰুনজিজাক ৮ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মৃত্যুৰ সময়ত ৰাষ্ট্ৰপতি গৰাকীৰ বয়স হৈছিল ৫৫ বছৰ।

নকুৰুনজিজাই ২০০৫ চনৰ পৰাই বুৰুন্দিৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছিল।

আনহাতে, ২০ মে’ত অনুষ্ঠিত হোৱা দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নকুৰুনজিজা এভাৰচাইট নাদাইচমিয়েৰ হাতত পৰাজিত হৈছিল।

আগষ্টত নকুৰুনজিজাৰ কাৰ্য্যকালৰ সামৰণি পৰিলেহেতেন।

উল্লেখযোগ্য যে, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে বুৰুন্দিটো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছে।

বুৰুন্দিত বৰ্তমানলৈ ৮৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী লোকৰ মৃত্যু হৈছে।

আফ্ৰিকান দেশ বুৰুন্দি ১৯৬২ চনত স্বাধীন হৈছিল।

স্বাধীনতাৰ পূৰ্বে বুৰুন্দিত জাৰ্মানী আৰু বেলজিয়ামে শাসন কৰিছিল।