NORTHEAST NOW (Assamese)
অসম

দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱ; অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৃষ্টিৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 3:24 pm
Cyclone-Heavy-Rain-1140x570-750x375

বৃহস্পতিবাৰে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে বংগোপসাগৰৰ মধ্য আৰু উত্তৰ অংশ, মিজোৰাম, ত্ৰিপুৰা, অসমৰ কিছুমান অংশৰ লগতে নাগালেণ্ডক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।

ই লগতে তামিলনাডুৰ উত্তৰাঞ্চল তথা মহাৰাষ্ট্ৰকো প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।

দক্ষিণ-পশ্চিম মৌচুমী বায়ু ইয়াৰ নিজস্ব গতিৰে দক্ষিণ ভাৰতৰ পিনে অগ্ৰসৰ হৈছে।

এই মুহূৰ্তত ই কৰ্ণাটক আৰু তামিলনাডুৰ কিছুমান অঞ্চলত সক্ৰিয় হৈ আছে।

বতৰ বিজ্ঞান বিভাগৰ মতে শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ আগমণ ঘটিব।

এই সময়ছোৱাত মহাৰাষ্ট্ৰ, উৰিষ্যা, মধ্য প্ৰদেশৰ বহুকেইখন জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে।

মৌচুমী বায়ুৰ আগতীয়া প্ৰভাৱত দিল্লী, ৰাজস্থান, মধ্য প্ৰদেশকে ধৰি বহুকেইখন ৰাজ্যত ছোগাছোৰাকাকৈ বৰষুণ দি আছে।

বংগোপসাগৰৰ প্ৰভাৱিত অঞ্চলত নিম্ন চাপৰ বাবে মৌচুমীৰ প্রভাৱ বৃদ্ধি পাইছে। দক্ষিম-পশ্চিম মৌচুমী বায়ু বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিব পাৰে।

তদুপৰি, বৰ্তমান মৌচুমীৰ গতিলৈ চাই বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি অহা ২৪ ঘন্টাত গোৱা, কৰ্ণাটক, তেলেংগানা, উৰিষ্যা, ছিকিম আৰু পশ্চিমবংগৰ বাকী অঞ্চলত প্ৰৱেশ কৰিব পাৰে।

আনহাতে, বতৰ বিজ্ঞান বিভাগৰ মতে পৰৱৰ্তী তিনিদিনলৈ সৰ্বোচ্চ তাপমাত্ৰাৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য দেখা পোৱা নাযাব।