NORTHEAST NOW (Assamese)
অসম

আমাৰ বিদ্যালয় বন্ধ নকৰিব : হাতত প্লে কাৰ্ড লৈ চৰকাৰক কাতৰ আহ্বান ছাত্ৰ-ছাত্ৰীৰ

Posted by: পংকজ কুমাৰ দেৱ Updated by: পংকজ কুমাৰ দেৱ June 11, 2020 3:51 pm

অলপতে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ সোতৰখন বিদ্যালয়ৰ ফলাফল শুন্য। য’ত ডিমা হাচাও জিলাৰ পাঁচখন বিদ্যালয় আছে। য’ত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাই।

এই বিদ্যালয় সমূহৰ ভিতৰত আছে খেপ্ৰে হাইস্কুল, হাদিংমা হাইস্কুল, লেইৰি হাইস্কুল, চিমতুলুং হাইস্কুল আৰু খাৰ্তং হাইস্কুল।

ইপিনে শিক্ষা বিভাগৰ সিদ্ধান্ত হৈছে যে শুন্য ফলাফল কৰা বিদ্যালয় কেইটা বন্ধ কৰি দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক নিকটৱৰ্তী বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰি দিয়া হ’ব।

অৱশ্যে শিক্ষক-শিক্ষয়িত্ৰী সকলক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত বদলি কৰা হ’ব। ফলাফল ঘোষণা হোৱাৰ পাছত শিক্ষা মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল পাতি এই কথা ঘোষণা কৰিছিল।

এনে ঘটনাই পাৰ্বত্য ডিমা হাচাও জিলাৰ বিশেষকৈ পাঁচখন বিদ্যালয় পৰিচালনা সমিতি আৰু গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখনীয় যে ডিমা হাচাও জিলাত এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৬৬.৪৫ শতাংশ।।

আজি হদিংমা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰক বিদ্যালয় বন্ধ নকৰাৰ আহ্বান জনায়।

ইপিনে পাহাৰ ভ্ৰমণত অহা শিক্ষা মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে ডিমা হাচাও ষষ্ঠ অনুসূচীৰ অধীনত। ইয়াত স্বায়ত্ব শাসিত পৰিষদ আছে, পৰিষদে ব্যৱস্থা ল’ব।