NORTHEAST NOW (Assamese)
অসম

শাৰীৰিক-মানসিকভাৱে অক্ষম যুৱতীক ধৰ্ষণ; পলাতক ধৰ্ষণকাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 6:47 am
Fifth accused of minor gang rape arrested in Dibrugarh

এগৰাকী শাৰীৰিক তথা মানসিকভাৱে অক্ষম যুৱতী বৃহস্পতিবাৰে ত্ৰিপুৰাত ধৰ্ষণৰ বলি হয়।

ৰাজ্যখনৰ উনাকটি জিলাৰ কৈলাশচহৰত এই ঘটনাটো সংঘটিত হৈছে।

ঘটনাটো সন্দৰ্ভত কৈলাশচহৰ মহিলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

সূত্ৰসমূহৰ মতে, বৃহস্পতিবাৰে ৰাতিপুৱা ঘটনাৰ বলি যুৱতীগৰাকীৰ পিতৃয়ে মাছ ধৰিবলৈ ওলাই গৈছিল আৰু যুৱতীগৰাকী ঘৰত অকলে আছিল।

এনে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি প্ৰায় ২১ বছৰীয়া মধু গুপ্তা নামৰ এজন যুৱকে যুৱতীগৰাকীক ধৰ্ষণ কৰে।

ঘৰলৈ উভতি আহি ঘটনাৰ বলি যুৱতীগৰাকীৰ পিতৃয়ে ঘটনাটো সম্পৰ্কে জানিব পাৰে আৰু ততাতয়াকৈ আৰক্ষীক খৱৰ দিয়ে।

ধৰ্ষণত অভিযুক্তগৰাকী পলাতক হৈ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে খোৱাই জিলাত এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰা এজন যুৱকক ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাটো যোৱা ৩১ মে’ত সংঘটিত হৈছিল।

বুধবাৰে ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰা হৈছিল।

খোৱাই আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত বৃহস্পতিবাৰে আদালতত হাজিৰ কৰায়।

বৃহস্পতিবাৰে জিলা দণ্ডাধীশে ঘটনাৰ বলি ছাত্ৰীগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰিছিল।