NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন আয়োগৰ তথ্য।। উত্তৰ-পূবৰ কোন ৰাজ্যত কিমান ভোট?

Posted by: এন ই নাও নিউজ April 11, 2019 9:26 pm
Assam: Loksabha election result prediction

দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণত অসমকে ধৰি উত্তৰ-পূবত ভোটদানৰ হাৰ সন্তোষজনক বুলি প্ৰকাশ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।

সন্ধিয়া পাঁচ বজালৈকে হিচাপ অনুসৰি অসমত ভোটদানৰ হাৰ প্ৰায় ৬৮ শতাংশ। উত্তৰ-পূবৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক ৬৮শতাংশ ভোটদান হৈছে।

মণিপুৰত ৭৮.২, ছিকিমত ৬৯, মিজোৰামত ৬০, নাগালেণ্ডত ৭৮, মেঘালয়ত ৬৭.১৬ আৰু অৰুণাচল প্ৰদেশত ৫৮ শতাংশ ভোটাৰে ভোটদান কৰিছে।

অৱশ্যে ভোটদানৰ চূড়ান্ত হাৰ এতিয়াও পাব পৰা হোৱা নাই আৰু সেই হাৰ ইয়াতকৈ অধিক হোৱাতো নিশ্চিত।

অসমৰ বাহিৰে আনকেইখন ৰাজ্যত ভোটগ্ৰহণ এই পৰ্য্যায়তে সমাপ্ত হৈছে।

“মেঘালয়, অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত এটা পৰ্য্যায়ৰ ভোটগ্ৰহণ আছিল। সেয়ে এই ৰাজ্যকেইখনত আজি নিৰ্বাচন শেষ হৈছে,” নিৰ্বাচন আয়োগে জনায়।

অসমত দ্বিতীয় তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ আছে অহা ২৩ এপ্ৰিলত।

ছিকিম আৰু অৰুণাচল প্ৰদেশত লোকসভাৰ লগতে বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হৈছিল।

আয়োগে লগতে জনায় যে মণিপুৰ, বিহাৰ, বংগ আৰু অন্ধ্ৰ প্ৰদেশত ই ভি এম মেচিন ভঙাৰ ১৫টা ঘটনাৰ অভিযোগ পোৱা গৈছে।