NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মদ খাই আহি বিচাৰিছিল চুমা, খঙতে পত্নীয়ে চিঙি পেলালে স্বামীৰ জিভা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2023 5:07 pm

মদ খাই ঘৰত প্ৰৱেশ কৰিছিল স্বামীয়ে। যাৰ ফলত খঙত জ্বলি পকি উঠিল পত্নী। ইফালএ নিচাতে জাগ্ৰত হোৱা মৰমত

পত্নীক চুমা খাবলৈ বিচাৰিলে স্বামীয়ে। কিন্তু মদাহী স্বামীক চুমা খোৱাত বাধা প্ৰদান কৰিলে পত্নীয়ে। কিন্তু স্বামীয়ে নামালিলে পত্নীৰ বাধা।

সাৱটি ধৰি জোৰকৈ চুমা খালে স্বামীয়ে। তেতিয়াই ঘটিল অঘটনটো। জোৰকৈ চুমা খোৱাৰ বাবে পত্নীয়ে স্বামীৰ জিভাৰ এটা অংশ দাঁতেৰে কামুৰি পেলালে চিঙি। 

অন্ধ্ৰ প্ৰদেশৰ কৰ্ণুল জিলাৰ জোন্নাগিৰি থানা এলেকাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়ত চিকিৎসাধীন যুৱকজনৰ পৰা তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিছে আৰক্ষীয়ে। ইয়াৰ পিছতে তদন্তকাৰীয়ে পত্নীক জেৰা অব্যাহত ৰাখিছে।

প্ৰাথমিক তদন্তৰ অন্তত জোন্নাগিৰি থানাৰ আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমৰ আগত কয় যে আহত যুৱকজনৰ নাম চন্দু নাইক। অস্বাভাৱিক অৱস্থাত পত্নী পুষ্পৱতীক চুমা খাবলৈ যোৱাৰ বাবে পত্নীয়ে মান্তি নললে। 

আৰক্ষীৰ মতে, পত্নীয়ে স্বামীক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখি ওচৰ-চুবুৰীয়াক ফোন কৰে। ইয়াৰ পিছতে চুবুৰীয়াৰ সৈতে আহত স্বামীকো চিকিৎসালয়লৈ লৈ যায়। স্থানীয় লোকে জনোৱা মতে, মদৰ আসক্তিৰ বাবে পত্নীক না না অসুবিধা দি আহিল চন্দুৱে।

ইতিমধ্যে জিভাৰ অস্ত্ৰোপচাৰ কৰি চন্দুক ঘৰলৈ যাবলৈ দিছে চিকিৎসকে।