NORTHEAST NOW (Assamese)
Popular Stories

পুৰুষ গৰিলাই প্ৰসৱ কৰিলে সন্তান ! চিৰিয়াখানাত বিৰাট বিভ্ৰান্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2023 5:30 pm

অহিঅ’ চিৰিয়াখানাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। চাৰি বছৰে মতা গৰিলা বুলি বিশ্বাস কৰি অহা এটা গৰিলাই জন্ম দিছে এটা পোৱালী। 

কলম্বাছ চিৰিয়াখানাৰ কৰ্তৃপক্ষই  জনোৱা মতে, ২০১৯ চনৰ পৰা চিৰিয়াখনত থকা চুলি নামৰ গৰিলাটোক বৃহস্পতিবাৰে পোৱালিৰ সৈতে আৱিষ্কাৰ কৰা হয়।

চিৰিয়াখানাৰ এগৰাকী কৰ্মচাৰীয়ে এটা ব্লগ পোষ্টত কয় যে কেঁচুৱাটো “সুস্থ যেন লাগে” আৰু চুলিও সুস্থ।

তেখেতে লগতে কয় যে চুলিৰ স্বাস্থ্য সদায় ভাল আছিল গতিকে কেতিয়াও পৰীক্ষাৰ প্ৰয়োজন হোৱা নাছিল, যাৰ ফলত চুলি যে মাইকী গেৰিলা আৰু গৰ্ভৱতী সেই কেতিয়াও পোহৰলৈ অহা নাছিল।

জানিব পৰা মতে, চুলিয়ে নিজৰ পোৱালীক স্তন পান কৰাই থকা দৃশ্য নেদেখালৈকে চুলি যে মতা গেৰিলা নহয় সেই কথাক লৈ কেতিয়াও সন্দেহৰ সৃষ্টি হোৱা নাছিল।

“প্ৰায় আঠ বছৰলৈকে মতা আৰু মাইকী গেৰিলাৰ আকাৰ প্ৰায় একে হয়, আৰু ইহঁতৰ লিংগ পৰিস্ফুট নহয়।” –  কৰ্তৃপক্ষই কয়।

গৰিলাৰ ডাঙৰ পেটৰ বাবেও সাধাৰণতে গৰ্ভাৱস্থাৰ লক্ষণ দেখা নাযায় আৰু জন্মাৱস্থাত অৱস্থাত গৰিলা মানুহৰ কেঁচুৱাতকৈও যথেষ্ট সৰু আকাৰৰ হয়।

উল্লেখ্য যে ১৯৫৬ চনত কলম্বাছ চিৰিয়াখানাই গৰিলাৰ জন্মক আদৰণি জনোৱা বিশ্বৰ প্ৰথমখন চিৰিয়াখানা। 

চিৰিয়াখানাখনে ডি এন এ পৰীক্ষা কৰি চুলিৰ পোৱালীটোৰ পিতৃ নিৰ্ণয় কৰিব বুলি জানিবলৈ দিয়ে। 

চিৰিয়াখানাৰ কৰ্তৃপক্ষই কয় যে, “চুলি এজনী মাইকী গেৰিলা! আমাৰ দলটোৱে সেই কথা দৃশ্যগতভাৱে আৰু ফটোৰে নিশ্চিত কৰিছে।”