NORTHEAST NOW (Assamese)
অসম

আৰক্ষী-সেনাৰ যুটীয়া অভিযানত আটক আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ সদস্য

Posted by: অভিক চক্ৰৱৰ্তি Updated by: অভিক চক্ৰৱৰ্তি June 12, 2020 1:26 pm

উজনি অসমৰ ডিব্ৰুগড় জিলাত ১১ জুন অৰ্থাৎ বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা এটা অভিযানত আলফা (স্বা)ৰ এজন দুৰ্ধৰ্ষ সদস্য আটক হয়।

ডিব্ৰুগড় আৰক্ষী আৰু সেনা বাহিনীৰ দলে যুটীয়াভাৱে এই অভিযানটো চলায়।

আটকাধীন আলফা (স্বা)ৰ সদস্যজনক বাবুল গগৈ বুলি চিনাক্ত কৰা হয়। বাবুল ডিব্ৰুগড় জিলাৰ টিংখঙৰ ২ নং নাচনি গাঁৱৰ বিভিকা গগৈৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

আটকাধীন বাবুল গগৈৰ পৰা সংগঠনটোৰ ভৱিষ্যত পৰিকল্পনা তথা সবিশেষ জানিবলৈ আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে বুলি এটা সূত্ৰই জনায়।

যোৱা কিছু দিনৰ পৰা উজনি অসমৰ বিভিন্ন অঞ্চলত নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষী বাহিনীয়ে চলাই থকা অভিযানৰ অংশ আছিল বৃহস্পতিবাৰৰ এই অভিযানটো।

উল্লেখ্য যে বিগত এমাহ মানত অসম আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানকাৰী দলে উজনি অসমৰ বিভিন্ন জিলাৰ পৰা কেইবাজনো উগ্ৰপন্থী সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।