NORTHEAST NOW (Assamese)
অসম

প্ৰায় সাত বছৰৰ মূৰত ৰাজ্যত অনুষ্ঠিত হ’বলৈ গৈ আছে সাধাৰণ টেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2019 2:00 pm
DElEd

চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে ৰাজ্যত অনুষ্ঠিত হ’ব নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ সাধাৰণ টেট। অলপতে প্ৰাথমিক টেট সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিয়ে এক বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ৰাজ্যৰ সকলো জিলাৰ লগতে ষষ্ঠ অনুসূচীৰ অধীনত থকা স্বায়ত্তশাসিত পৰিষদসমূহতো টেট অনুষ্ঠিত কৰা হ’ব বুলি উক্ত বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে এই পৰ্যন্ত টেট অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট দিন ঠিক কৰা নাই সমিতিয়ে।

উল্লেখ্য যে ৰাজ্যত ২০১২ চনত অনুষ্ঠিত হোৱা সাধাৰণ টেট পৰীক্ষাৰ জৰিয়তে ২৬,১০০ গৰাকী শিক্ষকক নিযুক্ত কৰা হৈছিল। আনহাতে বৰ্তমান ৰাজ্যৰ বিদ্যালয়সমূহত ৩৬,৫০০টাতকৈ অধিক শিক্ষকৰ পদ খালি হৈ আছে।

বিগত সাধাৰণ টেটত উত্তীৰ্ণ হোৱা যিসকলে এতিয়াও নিযুক্তি লাভ কৰা নাই তেওঁলোকৰ ম্যাদ চলিত বৰ্ষত উকলি যাব। সেয়ে চৰকাৰে এই সকল টেট উত্তীৰ্ণৰ ম্যাদ ২০২০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যনক আহ্বান জনাব বুলিও বৈঠকত সিদ্ধান্ত লয়।