NORTHEAST NOW (Assamese)
অসম

শিকলিৰে বান্ধি ওৰে ৰাতি ট্ৰাক চালকক প্ৰহাৰ কৰা কয়লা মাফিয়াক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ March 7, 2019 9:17 am
Accused of driver beaten case

আজি কিছু দিন পূৰ্বে গুৱাহাটীৰ এটা কয়লা ডিপ’ত এজন কয়লা কঢ়িওৱা অসমীয়া ট্ৰাক চালকক ভৰিত শিকলি বান্ধি ওৰে ৰাতি প্ৰহাৰ কৰা চাঞ্চল্যকৰ ঘটনাটোৰ সৈতে জড়িত মূল অভিযুক্ত দুয়োজন কয়লা মাফিয়াকে ৬ মাৰ্চ অৰ্থাৎ বুধবাৰে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা অশোক নাথ আৰু ৰমেশ ৰায় নামৰ কয়লা মাফিয়া দুজনৰ নিৰ্দেশতে ট্ৰাক চালকজনৰ ওপৰত এটা নিশা বৰ্বৰ আক্ৰমণ চলিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা পলাই আছিল দুয়োজন অভিযুক্ত।

উল্লেখ্য যে যোৱা ২০ ফেব্ৰুৱাৰিত চালকজনে লিডুৰ খাৰছাঙৰ পৰা কয়লা ভৰ্তি ট্ৰাকখন চলাই আনিছিল। গাড়ীখন গোলাঘাটত কিছু সময়ৰ বাবে ৰোৱাত চালকজনৰ অজ্ঞাতে ট্ৰাকৰ হেণ্ডিমেন জনে কাৰোবাৰ ওচৰত কয়লা বিক্ৰী কৰিছিল।

এই কথা গম পাই কয়লা মাফিলা দুজনে হেণ্ডিমেন জনক বিচাৰে। কিন্তু হেণ্ডিমেনজনক নোপোৱাত কেইজন মান গুণ্ডাৰ সহায়ত চালকজনকে ওৰে ৰাতি শিকলিৰে বান্ধি অত্যাচাৰ চলাইছিল। এই সমগ্ৰ ঘটনা চ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱাত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।