এই বছৰতে ‘অৰ্জুন’ হোৱাৰ আশা নকৰা হিমাই আজি বঁটা ল’লে ৰাষ্ট্ৰপতিৰ পৰা

দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য, অসম সন্তান হিমা দাসে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। হিমাই আজি এই গৌৰৱেৰে অসমবাসীকো গৌৰৱিত কৰে।
উল্লেখযোগ্য যে এই বছৰতে হিমাই বিশ্ব জুনিয়’ৰ এথলেটিকছত স্বৰ্ণ পদক জয় কৰি এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এয়া আছিল প্ৰতিযোগিতাখনত ভাৰতৰ ইতিহাসত প্ৰথমটো স্বৰ্ণ পদক।
আনহাতে এই মাহৰ আৰম্ভণিতে জাকাৰ্টাত হোৱা এছিয়ান গেইমছত এটা স্বৰ্ণ পদক আৰু দুটা ৰূপৰ পদক জয় কৰিছিল হিমাই।
অৱশ্যে ইমানৰ পিছতো এই বছৰতে অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হ’ব বুলি তেওঁ আশা কৰা নাছিল। অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে এই কথা এটা সাক্ষাৎকাৰত ব্যক্ত কৰিছিল হিমাই। তেওঁ বোলে পিছৰ বছৰত হয়তো নিৰ্বাচিত হ’ব পাৰে বুলি আশা কৰিছিল।
মন কৰিব লগীয়া যে হিমা হ’ল অৰ্জুন বঁটাৰে সন্মানিত হোৱা অসমৰ পঞ্চমগৰাকী ক্ৰীড়াবিদ। ইয়াৰ পূৰ্বে অৰ্জুন ভোগেশ্বৰ বৰুৱা (দৌৰবিদ), মনালিছা বৰুৱা মেহতা (সাঁতোৰবিদ), জয়ন্ত তালুকদাৰ (ধনুৰ্বিদ), শিৱ থাপা (বক্সাৰ)ই এই বঁটা লাভ কৰিছিল।
আজি এই বঁটা প্ৰদান অনুষ্ঠানত মুঠ ২০ গৰাকী ক্ৰীড়াবিদক অৰ্জুন বঁটা দিয়া হয়। লগতে ক্ৰিকেটাৰ বিৰাট কোহলি আৰু মণিপুৰী ভাৰোত্তোলক মীৰাবাই চানুক খেল ৰত্ন দিয়া হয়।