NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ফুটবল ষ্টাৰ মেছীয়ে আগবঢ়ালে ৫ লাখ য়ুৰো ডলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2020 10:27 pm
Messi

আৰ্জেণ্টিনাৰ ষ্টাৰ ফুটবলাৰ লিয়’নেল মেছীয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ দেশৰ এখন চিকিৎসালয়ক ৫ লাখ য়ুৰো ডলাৰ প্ৰদান কৰিছে।

এটা নিউজ এজেন্সিৰ পৰা জানিব পৰা মতে মেছীয়ে ৫ লাখ ৪০ হাজাৰ ডলাৰ চিকিৎসালয়খনক প্ৰদান কৰিছে।

ফুটবলাৰ গৰাকীয়ে আগবঢ়োৱা এই ধন ৰশিৰে চিকিৎসালয়খনে স্বাস্থ্য কৰ্মীসকলৰ সুৰক্ষা সম্বন্ধীয় সামগ্ৰীৰ লগতে পি পি ই কিট ক্ৰয়ৰ বাবে ব্যয় কৰিব।

কাছা গৰহনৰ পৰিচালন সঞ্চালক ছিলবিয়া কছাবে কয়, ‍‘এই সহায়ে আমাৰ স্বাস্থ্যখণ্ডক যথেষ্ট উপকৃত কৰিব’।

তেওঁ লগতে কয়, ‍‘মেছীয়ে আগবঢ়োৱা অৰ্থৰে চিকিৎসালয়ৰ বাবে ভেণ্টিলেশ্যনৰ সামগ্ৰীৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী অতি শীঘ্ৰে ক্ৰয় কৰা হ’ব। ইয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি থকা লোকসকলক উপকৃত কৰিব’।

আৰ্জেণ্টিনাৰ এই গৰাকী মহান ফুটবলাৰে ইয়াৰ পূৰ্বে মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ স্পেইনৰ বাৰ্ছিলোনাৰ এখন চিকিৎসালয়ক ১০ লাখ য়ুৰো প্ৰদান কৰিছিল। চিকিৎসালয় কৰ্তৃপক্ষই এই কথা নিজেই টুইটাৰযোগে ঘোষণা কৰিছিল।