NORTHEAST NOW (Assamese)
অসম

ওড়িশা এফ চিত চুক্তিবদ্ধ হৈছে অসমৰ প্ৰতিভাৱান ফুটবলাৰ বাওৰিংদাও বড়ো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 2:31 pm

অসমৰ ফুটবল প্ৰেমূৰ বাবে আছে এটা ভাল খবৰ। প্ৰতিভাৱান যুৱ ফুটবলাৰ বাওৰিংদাও বড়োৱে অহা বছৰ আই এছ এলত খেলাৰ বাবে ওড়িশা এফ চিৰ হৈ চুক্তিবদ্ধ হৈছে।

অসমৰ হাফলঙৰ বাসিন্দা বাওৰিংদাওৰ সৈতে ক্লাবটোৱে কালি চুক্তি কৰে। ক্লাবটোৱে তেওঁৰ সৈতে মণিপুৰৰ লেইছৰাম প্ৰেমজিৎ সিং নামৰ এগৰাকী ফুটবলাৰকো চুক্তিবদ্ধ কৰে।

ওড়িশা এফ চিৰ সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হৈচে বাওৰিংদাও বড়ো।

উল্লেখ্য যে, ২০ বছৰীয়া বড়োৱে ইয়াৰ পূৰ্বে আই এছ এলত কেৰালা ব্লাষ্ট্ৰাৰ্ছ আৰু চেন্নাইন এফ চিক প্ৰতিনিধিত্ব কৰিছিল।

ভাৰতৰ অন্যতম সন্মানীয় টুৰ্ণামেণ্ট আই লীগত বাওৰিংদাৱে বংগালুৰু য়ুনাইটেড, গকুলাম কেৰালা আৰু মিনাৰ্ভা পঞ্জাৱৰ দৰে আগশাৰীৰ ক্লাবৰ হৈও খেলাৰ অভিজ্ঞতা আছে।

উল্লেখ্য যে, নিজৰ প্ৰতিভাৰ বলত ১৯ অনূৰ্ধ্বৰ ভাৰতীয় দলত খেলিবলৈ সুযোগ পোৱা বড়োৱে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত দেখুওৱা প্ৰদৰ্শনৰ বাবে বিশেষজ্ঞসকলৰ প্ৰিয় হৈ পৰিছে।