NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- বিনিময়ৰ বাবে নহয়

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা April 5, 2026 5:33 pm

বিনিময়ৰ বাবে নহয়

———————-

হৰেকৃষ্ণ ডেকা

——————-

আপুনি যেতিয়া কয়, “তোমাৰ স্বাধীনতা মোক কিছু সময়ৰ বাবে দিয়া,

তোমাক দিম মই নিৰাপত্তা, পেট পূৰাই খাবলৈ দুবেলা দুসাজ আৰু জীৱনৰ স্বাচ্ছন্দ্য”,

আপোনাৰ তেনে ক্ষমতাক মই অকণো সন্দেহ নকৰোঁ ৷

কিন্তু মই বিনিময়-বজাৰলৈ অহা নাই,

নাইবা ষ্ট’ক-এক্সেইঞ্জলৈ ৷

মোৰ স্বাধীনতাৰ ওপৰত প্রকৃতি-আৰোপিত বহুত বাধা আছে,

আৰু সমাজ-দস্তুৰৰ শাসনৰ ওচৰতো কিছু দায়বদ্ধতা ৷

কিন্তু বাকি কিছু স্বাধীনতা এতিয়াও মোৰ আছে ৷

সেইখিনি আপোনাৰ ওচৰত বন্ধকত থৈ

মই মোৰ মুখত হাঁহি নিবিৰিঙাওঁ ৷

আপোনাৰ নিপোটল হাঁহিটো

আপোনাৰ বিজ্ঞাপনৰ সুদৃশ্য কাট-আউটতে

শোভা পাওক ৷

————-