NORTHEAST NOW (Assamese)
অসম

গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা; অভিযুক্তক আটক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 31, 2023 7:51 am
গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা; অভিযুক্তক আটক

গুৰগাঁৱত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত অসমৰ এগৰাকী মহিলা কৰ্মচাৰীক গাড়ীৰ ভিতৰতে বন্ধুৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অসমৰ ৩৪ বছৰীয়া মহিলাগৰাকীয়ে বিগত কিছুদিন ধৰি অভিযুক্তৰ সৈতে যোগাযোগত আছিল আৰু তেওঁৰ সৈতে ফোনযোগে কথা পাতি আছিল বুলি আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে।

সন্দীপ (৪০) নামৰ অভিযুক্তজনক বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বুধবাৰে ছেক্টৰ ৩৭ থানাত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰা হয়।

লগতে পঢ়ক: ডিমা হাচাওত চাঞ্চল্যকৰ কাণ্ড: নিজ গৃহত অগ্নিসংযোগ স্বামীৰ, অগ্নিদগ্ধ হৈ মৃত্যু পত্নীৰ

সোমবাৰে ছেক্টৰ ৩৭ৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱাৰ সময়ত সন্দীপে তেওঁক হিৰো হোণ্ডা চ’কৰ পৰা তুলি নিয়া বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কৈছে, ‘মই তেওঁৰ গাড়ীত বহি কিছু সময় কথা পতাৰ পিছত গাড়ীতে মোক ধৰ্ষণ কৰাৰ লগতে মোক হত্যা কৰাৰ ভাবুকিও দিছিল।’

তেওঁৰ অভিযোগৰ পিছতে ঝজ্জাৰৰ বাসিন্দা অভিযুক্তগৰাকীৰ বিৰুদ্ধে আই পি চিৰ ৩৭৬ (ধৰ্ষণ) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাত গোচৰ ৰুজু কৰা হয়।

লগতে পঢ়ক: মুখামুখি সংঘৰ্ষত বিধ্বস্ত আমেৰিকাৰ দুখন সামৰিক হেলিকপ্টাৰ; নিহত ৯ জন

ছেক্টৰ ৩৭ থানাৰ ইন্সপেক্টৰ সুনীতাই কয়, ‘অভিযুক্তই অপৰাধ স্বীকাৰ কৰিছে। আজি তেওঁক চহৰৰ আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।’