NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ মাজেৰে গাড়ী চলাওতে সাৱধান হওঁক,কৰ্তৃপক্ষই হাতত লৈছে ন ন ব্যৱস্থা

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা July 28, 2021 2:13 pm
lavv

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে হাতত লৈছে ন ন কৌশল।

গাড়ীৰ গতি বেগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

কাৰ্য্যালয়ত বহিয়েই গাড়ীৰ গতি বেগৰ ওপৰত নজৰ ৰাখিছে বন বিভাগে ।

৪০ কিলোমিটাৰতকৈ অধিক বেগত গ’লেই গাড়ীৰ চালক সকলে ভৰিব লাগিব জৰিমনা ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলীক কাৰ্য্যালয়ত বনকৰ্মী সকলে ৰাখিছে তীক্ষ্ণ দৃষ্টি ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে মাজে স্থাপন কৰা গাড়ীৰ গতি বেগ নিয়ন্ত্ৰণ যন্ত্ৰৰ সকলো তথ্য কাৰ্য্যালয়ত বহিয়েই নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ দুটাকৈ স্থানত সংস্থাপিত কৰা হৈছে অত্যাধুনিক চেনচৰ কেমেৰা।

স্পৰ্শকাতৰ অঞ্চল তথা এনিমেল ক’ৰিডৰত সংস্থাপিত কৰা হৈছে উন্নত প্ৰযুক্তিৰ চেনচৰ কেমেৰা।

ৰাজপথৰে যোৱা প্ৰতিখন গাড়ী মণিটৰিং কৰে চেনচৰ কেমেৰাই।

বিশেষকৈ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰাৰ এই সময়ছোৱাত অধিক কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষ।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমগ্ৰ পথ চোৱাত মুঠ ৬ টাকৈ উন্নত প্ৰযুক্তিৰ চেনচৰ কেমেৰা স্থাপন কৰা হৈছে। ইয়াৰে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাত দুটাকৈ আৰু গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত ৪ টা স্থানত উন্নত প্ৰযুক্তিৰ চেনচৰ কেমেৰা স্থাপন কৰা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা তথা চোৰাং চিকাৰীৰ আগ্ৰাসন বন্ধ কৰাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এনে ধৰণৰ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে।