মুখামুখি সংঘৰ্ষত বিধ্বস্ত আমেৰিকাৰ দুখন সামৰিক হেলিকপ্টাৰ; নিহত ৯ জন

আমেৰিকাৰ কেন্টাকিত প্ৰশিক্ষণৰ সময়ত দেশৰ সেনাৰ দুখন হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষত কমেও ৯ জন লোকৰ মৃত্যু হয়। বুধবাৰে নিশা প্ৰায় ৯ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি নিশ্চিত কৰিছে সামৰিক বাহিনীৰ স্থানীয় ইউনিটে।
বাতৰি অনুসৰি, নিয়মীয়া সামৰিক প্ৰশিক্ষণৰ সময়ত হেলিকপ্টাৰ দুখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি কোৱা হৈছে।
লগতে পঢ়ক: ডিমা হাচাওত চাঞ্চল্যকৰ কাণ্ড: নিজ গৃহত অগ্নিসংযোগ স্বামীৰ, অগ্নিদগ্ধ হৈ মৃত্যু পত্নীৰ
হেলিকপ্টাৰ দুখন সংঘৰ্ষ হোৱা ঘাটিটো নেচভিলৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ উত্তৰ-পূবে কেন্টাকিৰ ট্ৰিগ কাউন্টিত। এই ঘাটিটোত ১০১ নং এয়াৰবৰ্ণ ৰেজিমেণ্ট আৰু ১৬০ নং স্পেচিয়েল অপাৰেচন এভিয়েশন ৰেজিমেণ্টৰ জোৱান থাকে।
যোৱা বছৰৰ জুলাই মাহত ৫০ লাখ ডলাৰ ব্যয় সাপেক্ষে এই হেলিকপ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰা হৈছিল।
প্ৰদেশখনৰ গৱৰ্ণৰ এণ্ডি বেছিয়ে কয় যে হেলিকপ্টাৰ দুৰ্ঘটনাৰ প্ৰাথমিক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু কেইবাজনো লোক হতাহতৰ আশংকা কৰা হৈছে।
লগতে পঢ়ক: অশনি সংকেত! চীনৰ সতৰ্কবাণীৰ মাজতে নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি
ফ’ৰ্ট কেম্পবেলৰ এগৰাকী মুখপাত্ৰই কয় যে দুখন এইচ এইচ ৬০ ব্লেকহ’ক হেলিকপ্টাৰ “এক নিয়মীয়া প্ৰশিক্ষণ অভিযানত” দুৰ্ঘটনাগ্ৰস্ত হয়। ক্ৰু মেম্বাৰসকলৰ অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই।”