NORTHEAST NOW (Assamese)
অসম

পথ দুৰ্ঘটনাত আহত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা; দিখৌ দলঙৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত শিল্পীগৰাকীৰ বাহন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2023 10:25 am

নিশা শিৱসাগৰত এক পথ দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা বাহনখন। দুৰ্ঘটনাটোত শিল্পীগৰাকী আহত হয়। বৰ্তমান শিল্পীগৰাকী চিকিৎসাধীন হৈ আছে।

জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে দিখৌ দলঙৰ সমীপত শিল্পীগৰাকীৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনে এজোপা গছত খুন্দা মৰাৰ ফলতে এইদৰে দুৰ্ঘটনাগ্ৰস্ত হয়।

লগতে পঢ়ক: সন্ধানহীন ‘মৰমৰ পুতলা’ উদ্ধাৰ কৰি এটি শিশুৰ মুখৰ হাঁহি ঘূৰাই আনিলে ভাৰতীয় ৰে’লৱেই!

স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা আহত শিল্পীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাটোৰ ফলত শিল্পীগৰাকীয়ে শৰীৰৰ কেইবাঠাইতো আঘাত পায়।