NORTHEAST NOW (Assamese)
অসম

মণিপুৰত বাতৰি কাকতৰ কাৰ্যালয়লৈ মহিলাৰ গ্ৰেণেড নিক্ষেপ,গঞাক গাঁও এৰাৰ নিৰ্দেশ বিদ্ৰোহীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 11:44 am
Poknapham-manipur

চৰম নৈৰাজ্যই বিৰাজ কৰিছে মণিপুৰত।

ৰাজ্য খনৰ  পশ্চিম ইম্ফল জিলাৰ কেইছামপাত থিয়াম  লেইকাই অঞ্চলত থকা এখন বাতৰি কাকতৰ কাৰ্যালয়লৈ লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই গ্ৰেণেড নিক্ষেপ কৰাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শনিবাৰে সন্ধিয়া মণিপুৰৰ পৰা প্ৰকাশিত পোখাফাম নামৰ কাকত খনৰ কাৰ্যালয়লৈ লক্ষ্য কৰি এজন অচিনাক্ত লোকে এটা হেণ্ড গ্ৰেণেড নিক্ষেপ কৰে।

অৱশ্যে সৌভাগ্যক্ৰমে গ্ৰেণেডটোৰ বিস্ফোৰণ নঘটিল।

চিচিটিভি ফুটেজত ধৰা পৰা মতে এগৰাকী মহিলাই কাকত খনৰ কাৰ্যালয়ক লক্ষ্য কৰি গ্ৰেণেডটো নিক্ষেপ কৰিছিল।

কাকত খনৰ সম্পাদক অৰিবাম ৰবীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে কাকতখনলৈ কোনো ভাবুকি অহা নাছিল।

কাকতৰ কাৰ্যালয়ত চলোৱা এইি আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে অল মণিপুৰ ৱৰ্কিং জাৰ্নেলিষ্ট ইউনিয়ন আৰু এডিটৰ্ছ গীল্ড মণিপুৰে।

গীল্ডৰ সভাপতি কে খমড্ৰামে অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছে। ইপিনে মণিপুৰৰ কাংপোকপি জিলাৰ  খেংজাং নামৰ গাঁও খনত বাস কৰা লোকসকলক গাঁও এৰি যাবলৈ নিৰ্দেশ দিছে বিদ্ৰোহীয়ে।

যোৱা ৬ ফেব্ৰুৱাৰীত বিদ্ৰোহীয়ে গাঁও খনত প্ৰৱেশ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল আৰু গাঁওবাসীক গাঁও ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছতে গাঁও খনত চৰকাৰে কামাণ্ডো বাহিনী মোতায়েন কৰিছে।