NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত গঁড় পোৱালীৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 23, 2019 3:08 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পৰা ১৭ ফেব্ৰুৱাৰিত উদ্ধাৰ কৰি অনা মাইকী গঁড় পোৱালীটোৰ শুকুৰবাৰে নিশা কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত মৃত্যু হয়।

উল্লেখযোগ্য যে, মাকৰ মৃত্যুৰ পাছত বাগৰি বনাঞ্চলৰ ডোঙা বন শিৱিৰ এলেকাত অকলশৰে বিচৰণ কৰি ফুৰা গঁড় পোৱালীটোক ১৭ ফেব্ৰুৱাৰিত বন কৰ্মীয়ে প্ৰতক্ষ কৰিছিল। পৰৱৰ্তী পৰ্য্যায়ত পোৱালীটোক উদ্ধাৰ কৰি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হয়।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি এবছৰ বয়সৰ মাইকী পোৱালীটোক কেন্দ্ৰটোত প্ৰতিপালন কৰা হৈছিল। শুকুৰবাৰে নিশা কেন্দ্ৰোটোতে গঁড়ৰ পোৱালীটোৰ মৃত্য হয়।

শ্বাস প্ৰশ্বাস জনিত ৰোগৰ বাবে গঁড় পোৱালীটোৰ মৃত্যু হোৱা বুলি কেন্দ্ৰটোৰ পশু চিকিৎসক ডা: পানজিত বসুমতাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।