NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১১ ঘন্টীয়া ডিমা হাছাও বন্ধ শান্তিপূৰ্ণ

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব January 8, 2019 4:02 pm
20190108_151542

আছু, নেছ’কে ধৰি ৩০ টা সংগঠনে আহ্বান জনোৱা ১১ ঘন্টীয়া  উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ অসমৰ পাহাৰীয়া ডিমা হাছাও জিলাত পৰিলক্ষিত হৈছে। আজি ৰাতিপুৱা ৫-০০ বজাৰ পৰা আৰম্ভ হোৱা বন্ধ এতিয়ালৈকে শান্তিপূৰ্ণ হৈ আছে। জিলাখনৰ মাইবাঙ, মাহুৰ, লাঙটিং, হাৰাঙ্গাজাও, দিয়ুঙব্ৰা,উমৰাঙছুত বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ পৰিছে। স্তব্ধ হৈ পৰিছে জিলাৰ নাগৰিক জীৱন। পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত এনে বন্ধত বিপৰ্যস্ত হৈছে নিৰ্বাচনী কামকাজ।

হাফলঙত বজাৰ, হাট, দোকান পোহাৰ বন্ধ থকাৰ উপৰিও চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, বেঙ্ক পোষ্ট অফিচ আদি বন্ধ আছে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ সচিবালয়ো বন্ধ থকা দেখা গৈছে। অৱশ্যে ৰেলগাড়ীৰ চলাচল স্বাভাৱিক আছে।

ডিমা হাচাও জিলাত ১১ ঘন্টীয়া বন্ধলৈ সমৰ্থন আগবঢ়াইছে ডিমাছা স্টুডেন্টছ ইউনিয়ন আৰু ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামে। ইণ্ডিজেনাছ স্টুডেন্টছ ফৰামৰ সভাপতি ডেভিদ কেইভমে কয়,  ‘‘বিজেপি চৰকাৰে ডিভাইড এণ্ড ৰুল পলিচিৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বিচাৰিছে।‘’ কেইভমে আৰু কয়, ‘কেন্দ্ৰীয় চৰকাৰে অনতি পলমে এই বিধেয়ক প্ৰত্যাহাৰৰ কৰিব লাগিব। অন্যথা ইয়াতকৈও ডাঙৰ আন্দোলন গঢ়ি তোলা হ’ব। ডেভিদে বন্ধ সফল কৰাৰ বাবে ডিমা হাছাও জিলাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।