NORTHEAST NOW (Assamese)
অসম

ৰাজনীতিয়ে ফাট মেলায়, বিহুতলীয়ে লগ লগায়! লতাশিলত একেলগে নাচিলে ৰাজনীতিৰ দুই ‘বাই-ভনী’য়ে

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক April 14, 2019 9:48 pm
Queen Oja_Bobeeta Sarma

অসমীয়াৰ বাবে ৰঙালী বিহুতকৈ আন একোৱে ডাঙৰ হ’ব নোৱাৰে। এই সত্যকে আজি আকৌ প্ৰমাণ কৰি দেখুৱালে গুৱাহাটী লোকসভা সমষ্টিত পৰস্পৰৰ বিৰুদ্ধে থিয় দিয়া দুগৰাকী প্ৰাৰ্থীয়ে।

গুৱাহাটীৰ ৰাজনীতিত এতিয়া দুই ‘বাই-ভনী’ হিচাপে চৰ্চিত বিজেপিৰ কুইন ওজা আৰু কংগ্ৰেছৰ ববিতা শৰ্মাই আজি ‘প্ৰতিদ্বন্দ্বী মনোভাব’ক একাষৰীয়া কৰি ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্ঠিত বিহুত অংশগ্ৰহণ কৰে।

জাতীয় উৎসৱ বিহুত প্ৰতিজন অসমীয়াই পৰস্পৰৰ প্ৰতি সদ্ভাৱ প্ৰদৰ্শনৰ চহকী পৰম্পৰাৰ নমুনা দাঙি ধৰি দুয়োকে আন্তৰিকতাৰে কথা পতা দেখা গ’ল। বিহুগীতৰ তালে তালে দুয়োগৰাকীয়ে একেলগে এপাক নাচিও দিলে।

যোৱা কেইদিনত নিজৰ নিজৰ প্ৰচাৰৰ সময়ত পৰস্পৰক আক্ৰমণ, সমালোচনা কৰা প্ৰাৰ্থী দুগৰাকীৰ এই মিলনৰ বিৰল দৃশ্যই উপস্থিতসকলৰ লগতে আকৰ্ষণ কৰিলে সংবাদ মাধ্যমৰো দৃষ্টি।

Tarun Gogoi_Latashil
লতাশিলৰ বিহুতলীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ১৪ এপ্ৰিলত।

মন কৰিব লগীয়া যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুয়োগৰাকী প্ৰাৰ্থীয়েই পৰস্পৰক ‘বাই-ভনী’ বুলি নিজ মুখে স্বীকাৰ কৰিছে। ‘বাইদেউ’ অৰ্থাৎ বয়সত জ্যেষ্ঠ কুইন ওজাই কিছুদিন পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক ‘তেওঁ মোৰ ভনীৰ দৰে’ বুলি মন্তব্য কৰিছিল। একেদৰে ববিতা শৰ্মায়ো ওজাক বাইদেউ হিচাপে মানি লৈছিল।

ৰঙালী বিহুৱে যে অসমীয়াৰ মনত থকা সকলো অসূয়া-অপ্ৰীতি ধুই নিকা কৰে, ৰাজনীতিয়ে ভাগ ভাগ কৰি ৰাখিলেও বিহুৱে যে সকলোকে লগ কৰে, তাৰেই প্ৰমাণ দিলে ৰাজনীতিৰ পথাৰৰ “বাই-ভনী” দুগৰাকীৰ আনন্দ ভগাই লোৱাৰ মনোৰম দৃশ্যই।

উল্লেখযোগ্য যে তৰুণ গগৈয়ে প্ৰতি বছৰে লতাশিলতে দাঙি ধৰি আহিছে বিহুৱে অনা ঐক্য-সম্প্ৰীতিৰ অতুলনীয় নিদৰ্শন। মুখ্য মন্ত্ৰী হৈ থকাৰ দিনৰ পৰাই তেওঁ লতাশিলৰ বিহুতলীত অংশগ্ৰহণ কৰাৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। বিহুতলীত লগ পালে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শুভেচ্ছা জনোৱাৰ লগতে সৌহাৰ্দ্যপূৰ্ণ মত বিনিময় কৰাত আগভাগ ল’বলৈ নাপাহৰে মহন্তৰ এজন কট্টৰ সমালোচক গগৈয়ে।

আনকি আজিও লতাশিল খেলপথাৰত কুইন ওজা আৰু ববিতা শৰ্মাৰ সৈতে বিহু মৰা দেখা অশীতিপৰ ৰাজনীতিকজনক।