NORTHEAST NOW (Assamese)
অসম

টীয়কত বিভিন্ন কাৰ্যালয় , বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

Posted by: এন ই নাও নিউজ,টীয়ক Updated by: এন ই নাও নিউজ,টীয়ক August 12, 2022 8:21 pm

টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা মিছনৰ সহযোগত আজি দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক এক সজাগতা ৰেলী বাহিৰ কৰা হয়।

কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোচৰ নেতৃত্বতত বাহিৰ হোৱা এই ৰেলীত কাৰ্যালয়ৰ কৰ্মচাৰী তথা জীৱিকাসখীসকলে হাতে হাতে জাতীয় পতাকা লৈ কলিয়াপানীৰ কাৰ্যালয়ৰ পৰা জগদুৱাৰ হৈ প্ৰায় ৮ কিলোমিটাৰ পথ অতিক্ৰম কৰে আৰু সকলো ৰাইজকে নিজ নিজ ঘৰত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে পতাকা লগাবলৈ আহ্বান জনায়।

ইপিনে দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ আন আন বিদ্যালয়সমূহৰ লগতে টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পুৱা প্ৰভাতী ৰেলী বাহিৰ কৰে।উক্ত ৰেলীত বিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক ছাত্ৰীয়ে হাতে হাতে পতাকা লৈ টীয়ক নগৰৰ মাজেদি শোভাযাত্ৰা কৰে। উল্লেখযোগ্য যে চৰকাৰে অমৃত মহোৎসৱ উদযাপনৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াই l এই প্ৰভাতী ৰেলীৰ পাছতে বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।