NORTHEAST NOW (Assamese)
অসম

কোনো ৰেহাই নাই! চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাছিয়াত আটক আমেৰিকাৰ সাংবাদিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2023 9:02 am

ৰাছিয়াত চোৰাংচোৱাগিৰিৰ অভিযোগত আটক কৰা হৈছে আমেৰিকাৰ সংবাদ মাধ্যম ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ইভান গেৰ্ছকোভিচক।

গোপন তথ্য জব্দ কৰাৰ প্ৰয়াসৰ সময়ত বৃহস্পতিবাৰে ফেডাৰেল চোৰাংচোৱা সেৱাই দেশখনৰ উৰাল পাৰ্বত্য অঞ্চলৰ য়েকাটেৰিনবাৰ্গ চহৰৰ পৰা ইভান গেৰ্ছকোভিচক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: মুখামুখি সংঘৰ্ষত বিধ্বস্ত আমেৰিকাৰ দুখন সামৰিক হেলিকপ্টাৰ; নিহত ৯ জন

ৰাছিয়াৰ সংবাদ সংস্থা ইন্টাৰফেক্সে প্ৰকাশ কৰা তথ্য অনুসৰি ইভান গেৰ্ছকোভিচ আমেৰিকাৰ নাগৰিক। ২২ বছৰীয়া ইভানে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ মস্কো ব্যুৰোত সংবাদদাতা হিচাপে কাম কৰিছিল।

ইভান গেৰ্ছকোভিচে আমেৰিকা চৰকাৰৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ সন্দেহ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ৰাছিয়াৰ এটা সামৰিক ঔদ্যোগিক কমপ্লেক্সৰ কাৰ্যকলাপৰ বিষয়ে আমেৰিকাৰ হৈ গোপন তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা বুলি মস্কোৰ নিৰাপত্তা সংস্থাই ইভান গেৰ্ছকোভিচৰ  বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক: গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা; অভিযুক্তক আটক

অৱশ্যে এই অভিযোগ সন্দৰ্ভত ক্ৰেমলিন কৰ্তৃপক্ষই এতিয়ালৈকে কোনো প্ৰমাণ প্ৰদান কৰা নাই।

ইভান গেৰ্ছকোভিচ চোৰাংচোৱাগিৰিৰ অভিযোগত দোষী সাব্যস্ত হ’লে ২০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে।