NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ভাৰতক ধমকি চীনৰ মিডিয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 3:39 pm

লাডাখৰ প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাৰ তিনি ঠাইৰ পৰা ভাৰত আৰু চীন দুই দেশে সেনা প্ৰত্যাহাৰ কৰিলেও সীমান্তৰ উত্তেজনা এতিয়াও শাম কটা নাই।

সীমা কেন্দ্ৰিক বিবাদ চলি থকাৰ মাজতেই চীনৰ চৰকাৰী মিডিয়াই গ্লোবেল টাইমছ মুখপত্ৰৰ জৰিয়তে ভাৰতক ধমকি প্ৰদান কৰিছে।

গ্লোবেল টাইমছে কয় যে ভাৰতে নিজৰ ঘৰুৱা সমস্যাত গুৰুত্ব আৰোপ কৰক।

চীনৰ কাকতখনে কেৱল পুৰণি নীতি সলনি কৰাই নহয় আমেৰিকাৰ পৰাও দূৰত্ব বজাই ৰাখিবলৈ ভাৰতক আহ্বান জনায়।

মুখপত্ৰখনে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰৱক্তাৰ মন্তব্যৰ আধাৰত কয় যে চীন আৰু ভাৰতৰ তৰফৰ পৰা সীমাত চলি থকা উত্তেজনা কম কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

গ্লোবেল টাইমছে লগতে কয় যে সীমা বিবাদ কম কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে বাণিজ্যিক ক্ষেত্ৰতো দুয়োখন দেশক সহায় কৰিব।

ইয়াৰ উপৰি কাকতখনে কয় যে যদিহে সীমা কেন্দ্ৰিক বিবাদৰ অন্ত নপৰে তেন্তে দুয়োখন দেশৰ মাজত থকা সম্পৰ্ক উন্নতিৰ সুযোগ খুব কম হৈ পৰিব।