NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানত ১০০ টা হাতীৰ ক’ৰ’না পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 7:47 am
বনৰীয়া হাতীৰ

ৰাজস্থানৰ জয়পুৰত ১০০ কৈ অধিক হাতীৰ ক’ৰ’না সংক্ৰমণৰ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

‘‘ৰাজস্থানত প্ৰথমবাৰৰ বাবে হাতী সমূহৰ শ্বোৱাৰ নমুনা সংগ্ৰহ কৰা হৈছে। আমি এই নমুনা সমূহ উত্তৰপ্ৰদেশৰ বাৰেইলিত থকা ভাৰতীয় পশু গৱেষণা প্ৰতিষ্ঠান(আই ভি আৰ আই)লৈ প্ৰেৰণ কৰিছো,’’ ৰাজস্থানৰ বন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।

বিষয়া গৰাকীয়ে হাতীৰ চকু আৰু মুখৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে বুলিও লগতে জনায়।

উল্লেখযোগ্য যে, ৰাজস্থানৰ জয়পুৰত পৰ্যটক সকলে প্ৰায়ে হাতী ব্যৱহাৰ কৰে। সেয়েহে হাতী সমূহো কিবা কাৰণত ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে বুলি অনুমান কৰিয়ে ৰাজ্যখনৰ বন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানত এটা বাঘ ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল।

পোহনীয়া আৰু বনৰীয়া জীৱ-জন্তু ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন গৱেষণা তথা পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে।