NORTHEAST NOW (Assamese)
অসম

মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলালেই পৰিব প্ৰশাসনৰ ৰঙা চকু; ভৰিব লাগিব জৰিমনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 8:29 am
200306090751-dealmed-face-mask-exlarge-169-750x375

কৰ’না সংক্ৰমণৰ ৰোধৰ বাবে সকলোৱে মাস্ক পৰিধান কৰাটো সুৰক্ষিত বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়াৰ সমান্তৰালকৈ চৰকাৰেও এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু একাংশ লোকে তাৰ পাছতো মাস্ক পৰিধান কৰাত অৱহেলা কৰা দেখা গৈছে। এনে দায়িত্বজ্ঞানহীনতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছত্তীশগড় চৰকাৰে।

ৰাজ্যখনত মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলালেই পৰিব প্ৰশাসনৰ ৰঙা চকু। মাস্ক নিপিন্ধা ধৰা পৰিলেই ভৰিব লাগিব ১০০টকা জৰিমনা।

শুকুৰবাৰে ছত্তীশগড় চৰকাৰে এইধৰণৰ এক নিৰ্দেশনা জাৰি কৰিছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলে কেবিনেট মন্ত্ৰী তথা শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে কৰ’না পৰিস্থিতিৰ বিষয়ে জৰুৰী পৰ্যালোচনা কৰাৰ সময়তে মাস্কৰ কথাটোৱে প্ৰাধান্য লাভ কৰে।

এই বৈঠকতে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰত্যেকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কোনোৱে মাস্ক পৰিধান নকৰা অৱস্থাত ধৰা পৰিলে ১০০টকা জৰিমনা বিহা হ’ব।

ইপিনে, ছত্তীশগড়ত অহা মাহৰ পৰা স্কুল-কলেজ, শিক্ষা প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

পৰিস্থিতি স্বাভাৱিক হ’ৱে অক্টোবৰলৈ শিক্ষানুষ্ঠানসমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰো চিন্তা-চৰ্চা কৰা হৈছে।

ছত্তীশগড়ত বৰ্তমান মুঠ ১,৪২৯জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।ৰাজ্যখনত এতিয়ালৈকে এই মাৰাত্মক ভাইৰাছৰ ফলত ৬জন লোকৰ মৃত্যু হৈছে।