NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত নতুনকৈ সাতজন কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ১৬৩জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 11:00 am
1216 persons cured of COVID-19 in Assam on Tuesday

নাগালেণ্ডত শনিবাৰে ৰাতিপুৱা পুনৰ সাতজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

ৰাজ্যখনত এতিয়া মুঠ কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬৩জনলৈ বৃদ্ধি পালে।

নতুনকৈ চিনাক্ত হোৱা সাতজন ৰোগীৰ ভিতৰত ছয়জন মন কোৱাৰেন্টাই চেন্টাৰৰ আৰু আনজন কোহিমা কোৱাৰেন্টাইন চেন্টাৰৰ।

ৰাজ্যখনত বৰ্তমান কোভিড-১৯ পজিটিভৰ ভিতৰত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১১৪জন।

বৰ্তমানলৈকে ৪৯জন ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

আনহাতে, ৰাজ্যখনত বৰ্তমানলৈ কোনো কোভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱা নাই।