NORTHEAST NOW (Assamese)
অসম

হাতীগাঁও থানাত ক’ৰ’নাতংক : গুৱাহাটীত চোৰ-আৰক্ষীৰ দেহত একেলগে কোভিড পজিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 13, 2020 8:49 pm
index

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’না। মহানগৰ গুৱাহাটীত ইতিমধ্যে আৰম্ভ হৈছে গণ সংক্ৰমণ।

তাৰ মাজতে পুনৰ আহিছে এক বেয়া খবৰ। গুৱাহাটীত চোৰ-আৰক্ষীৰ দেহত একেলগে কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

পাণবজাৰ থানাৰ উপ পৰিদৰ্শক অভিজিত দলে(২৮) ৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আজি সন্ধিয়া ৭ বজাত পজিটিভ ৰিজাল্ট আছে আৰক্ষী বিষয়াজনৰ।

তেওঁ প্ৰায় এসপ্তাহ ধৰি জ্বৰ আৰু প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈ আছিল। পল্টনবজাৰ এ. টি. ৰোডস্থিত হোটেল বিশ্বৰত্নত চাৰিদিন ধৰি কোৱাৰেন্টাইন হৈ আছিল।

তেওঁ পাণবজাৰ আৰু ফাঁচীবজাৰ এলেকাৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শনৰ কামত নিয়োজিত আছিল।

তেওঁ বৰ্তমান MMCH ত চিকিৎসাধীন হৈ আছে।

ইপিনে হাতীগাঁও থানাতো এটা চোৰক লৈ সৃষ্টি হৈছে তীব্ৰ আতংক তথা হাহাকাৰ পৰিস্থিতিৰ।

গগণ ৰাজবংশী(২৪) নামৰ চিলিণ্ডাৰ চোৰ এটাক হাতীগাঁও আৰক্ষীয়ে যোৱা ৮ জুনত গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পাছতে তেওঁক প্ৰেৰণ কৰা হৈছিল তেজপুৰ জিলা কাৰাগাৰলৈ।

গুৱাহাটীত তেওঁৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল আৰু আজি ৰিজাল্ট পজিটিভ অহাৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাতীগাঁও থানাত।

ইতিমধ্যে, থানাখন GMC য়ে চেনিটাইজ কৰিছে যদিও কোনো আৰক্ষীক কোৱাৰেন্টাইন কৰাইছে নে নাই জানিব পৰা হোৱা নাই।

যোৱা বৃহস্পতিবাৰৰ দিনাও 8TH APBN ৰ আৰক্ষী জোৱান অনিল ৰয়ৰ দেহত ধৰা পৰিছিল কোভিড-১৯ ৰ উপস্থিতি।

উল্লেখযোগ্য যে, ৰাজ্যত বৰ্তমানলৈকে ৩৭১৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮০৫ গৰাকী আৰোগ্য লাভ কৰিছে।

ইয়াৰোপৰি, ১৯০২ গৰাকী বৰ্তমানো চিকিৎসাধীন হৈ আছে।

বৰ্তমানলৈকে ৮ গৰাকী লোকে মৃত্যুক আকোৱালি লৈছে।