NORTHEAST NOW (Assamese)
অসম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীত প্ৰথম শিখ যুৱতী হিচাপে ইতিহাস গঢ়িলে আনমোলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2020 7:59 am
Narang

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় বংশোদ্ভৱ শিখ যুৱতী আনমোল নাৰংগই সেনা বাহিনীত যোগদানৰ যোগ্যতা অৰ্জন কৰিছে।

দেশখনৰ ৱেষ্ট পইন্টৰ য়ুনাইটেড ষ্টেটছ মিলিটাৰী একাডেমীৰ পৰা শনিবাৰে স্নাতক হৈ ওলায় আনমোল।

আনমোলৰ ককাকে এসময়ত ভাৰতীয় সেনা বাহিনীত কাম কৰিছিল।

অৱশ্যে, আনমোলৰ জন্ম ভাৰতত নহয়, জৰ্জিয়াৰ ৰাছৱেলতহে।

সেনাৰ ছেকেণ্ড লেফটেনেন্ট আনমোল নাৰংগে কয় যে শৈশৱৰ স্বপ্ন পূৰণ হোৱাত তেওঁ অত্যন্ত গৌৰৱ অনুভৱ কৰিছে।

আনমোলে লগতে কয় যে জৰ্জিয়াৰ তেওঁৰ পৰিয়ালৰ লগতে শিখ সম্প্ৰদায়ৰ লোকসকলে চেওঁৰ ওপৰত যি আস্থা ৰাখিছিল তাৰ বাবে সকলোৰে ওচৰত তেওঁ কৃতজ্ঞ।

হাইস্কুলত অধ্যয়ন কৰি থকাৰ সময়তে সামৰিক সেৱাৰ প্ৰতি আকৰ্ষণ জন্মিছিল আনমোলৰ।

ৱেষ্ট পইন্টত তেওঁ নিউক্লিয়াৰ ইঞ্জিনিয়াৰিং লৈ অধ্যয়ন কৰিছিল। ভৱিষ্যতে এয়াৰ ডিফেন্স চিষ্টেমত কাম কৰিব এই শিখ যুৱতীগৰাকীয়ে।

আনহাতে, স্নাতক হোৱাৰ পাছত আনমোলে ওখলাহ’মৰ লটন ফ’ৰ্ট চিলৰ পৰা বেচিক অফিচাৰ লীডাৰশ্বীপ পাঠ্যক্ৰম সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে আনমোল নাৰংগে।

এই পাঠ্যক্ৰম সমাপ্ত হোৱাৰ পাছতে অহা বছৰৰ জানুৱাৰি মাহত তেওঁক জাপানৰ ওকিনাৱাতত প্ৰথম নিযুক্তি দিয়া হ’ব।

এনে সফলতা অৰ্জনৰ পাছত নিজকে ভাগ্যৱান বুলি ভাৱে নতুন প্ৰজন্মৰ অনুপ্ৰেৰণা এই শিখ যুৱতীগৰাকীয়ে।